ৰক্তচাপকে ধৰি বহু ৰোগৰ বাবে মহাষৌধ এইবিধ নিমখ

ৰক্তচাপকে ধৰি বহু ৰোগৰ বাবে মহাষৌধ এইবিধ নিমখ

ডিজিটেল ডেস্ক: শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ আমি খোৱা-বোৱাত যথেষ্ট সচেতন হোৱাটো দৰকাৰ।দৈনন্দিন খাদ্য তালিকাত কেতবোৰ খাদ্য অন্তৰ্ভূক্ত তথা কেতবোৰ খাদ্য পৰিত্যাগ কৰিয়েই আমি আমাৰ শৰীৰটো নিৰোগী কৰি ৰাখিব পাৰো।শৰীৰটোক ভয়াৱহ কেতবোৰ ৰোগৰ পৰা দূৰত ৰাখিবলৈ আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিবলগীয়া এনে এবিধ খাদ্য হৈছে ‘পিংক ছল্ট’। যেতিয়া সাগৰ বা হ্ৰদৰ নিমখ পানী বাষ্পীভূত হয়, সেইবোৰে কিছুমান ৰঙীন স্ফটিক মুকলি কৰে।ইয়াকে ‘পিংক ছল্ট’, ‘ৰক ছল্ট’ ‘ছেন্ধা নমক’, ‘হিমালয়ান নিমখ’ বা ‘লাহোৰী নিমখ বুলি কোৱা হয়। ই খনিজ নিমখ, ইয়াক খাদ্যৰ বাবে উপযোগী কৰি তুলিবলৈ কোনো ৰাসায়নিক প্ৰক্ৰিয়াৰ প্ৰয়োজন কৰিবলগীয়া নহয়।এই নিমখত ৯০ টাতকৈও অধিক খনিজ থাকে।

‘পিংক ছল্ট’ ইমান উপকাৰী কিয় ?

‘পিংক ছল্ট’ত সাধাৰণ নিমখতকৈ কম আয়’ডিন থাকে। পটাছিয়াম, কেলচিয়াম, জিংকৰ দৰে উপাদানবোৰো ইয়াত উচ্চ পৰিমাণত পোৱা যায়।তদুপৰি,এই নিমখত আইৰণ, মেঙ্গানিজ, তাম, কোবাল্ট আদিও পোৱা যায়, যিবোৰে সাধাৰণ নিমখতকৈ শৰীৰক অধিক পুষ্টি যোগান ধৰে। যাৰ বাবে ‘পিংক ছল্ট’ক শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। 

‘পিংক ছল্ট’য়ে এই ৰোগবোৰ আঁতৰ কৰে-

১. ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।

২. চৰ্দি-কাহ নিৰাময়ৰ ক্ষেত্ৰতো ‘পিংক ছল্ট’ অতি উপকাৰী।

৩. ‘পিংক ছল্ট’য়ে আৰ্থ্ৰাইটিছ আৰু হতাশাৰ দৰে সমস্যাৰ পৰাও সকাহ দিয়ে।

৪. ই পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে।

৫. এই নিমখ খালে কোষ্ঠকাঠিন্য, গেছ, বদহজম, বুকু জ্বলাৰ দৰে সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি।

৬. ‘পিংক ছল্ট’ খালে ইলেক্ট্ৰলাইটৰ স্তৰ নিয়ন্ত্ৰণত থাকে।ই পেশী আৰু স্নায়ুতন্ত্ৰৰ বাবেও অত্যাৱশ্যকীয়।

ৰক্তচাপকে ধৰি বহু ৰোগৰ বাবে মহাষৌধ এইবিধ নিমখ
পুষ্টিৰে ভৰপুৰ আম খাই গৰমত স্বাস্থ্যৱান হৈ থাকক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in