পাচন তন্ত্ৰৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতালৈ সকলো শক্তিশালী কৰক

পাচন তন্ত্ৰৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতালৈ সকলো শক্তিশালী কৰক

ডিজিটেল ডেস্ক: আমলখি স্বাস্থ্যৰ বাবে অতি উপকাৰী।একেদৰে আমলখিৰ পৰা তৈয়াৰ কৰা মুৰব্বাইও স্বাস্থ্যক বহুখিনি লাভালাভ প্ৰদান কৰে। কিন্তু ইয়াক খালী পেটত খোৱাটোহে স্বাস্থ্যৰ বাবে উপকাৰী।ই শৰীৰৰ পৰা বহু ৰোগ আঁতৰ কৰি আমাক স্বাস্থ্যৱান কৰি ৰাখে।মুৰব্বা সকলো বয়সৰ লোকেই খাব পাৰে। আজি মুৰব্বাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

ৰোগ প্ৰতিৰোধক

আমলখিত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’লে শৰীৰটো বহু ভাইৰেল সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকে।

হাড় শক্তিশালী কৰে

আমলখিৰ মুৰব্বা খালে হাড় শক্তিশালী হয়।কিয়নো আমলখি কেলচিয়াম সমৃদ্ধ।সেয়েহে ই অষ্টিওপোৰোচিছ, আৰ্থ্ৰাইটিছ আৰু গাঁঠিৰ বিষৰ পৰাও সকাহ দিয়ে।

পেটৰ বাবে উপকাৰী 

আমলখিৰ মুৰব্বা খালে পেট ঠাণ্ডা হৈ থাকে। যদি আপোনাৰ গেছ বা বদহজমৰ সমস্যা আছে, তেন্তে প্ৰতিদিনে ৰাতিপুৱা খালী পেটত আমলখিৰ মুৰব্বা খাব। ই সহজে পেটৰ সকলো ৰোগ আঁতৰ কৰে।আমলখিৰ মুৰব্বাই পাচন তন্ত্ৰকো শক্তিশালী কৰে।

হৃদযন্ত্ৰৰ বাবে উপকাৰী 

হৃদৰোগীসকলৰ বাবেও আমলখিৰ মুৰব্বা অতি উপকাৰী।ইয়াক গ্ৰহণ কৰিলে শৰীৰৰ পৰা বেয়া কলেষ্টেৰলৰ স্তৰ হ্ৰাস হয়। আমলখিৰ মুৰব্বা নিয়মীয়াকৈ খোৱাৰ ফলত হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ হ্ৰাস হয়। ই হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে।

ৰক্ত শৰ্কৰাৰ স্তৰ নিৰন্ত্ৰক

ক্ৰমিয়াম উপাদানবোৰ আমলখিত পোৱা যায়, যি ইনচুলিন হৰমন শক্তিশালী কৰি তেজত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে।সেয়েহে আমলখিৰ মুৰব্বা খালে শৰীৰৰ ৰক্ত শৰ্কৰাৰ স্তৰো নিয়ন্ত্ৰিত হৈ থাকে।  

ছাল উজ্জ্বল কৰে

আমলখিত এণ্টিঅক্সিডেণ্ট আৰু বহুতো ভিটামিন আৰু খনিজ থাকে, যি ছাল স্বাস্থ্যৱান ৰখাত সহায় কৰে। ই ছাল কোঁচ খোৱা আৰু শালমনৰ সমস্যা হ্ৰাস কৰে। আমলখিত যথেষ্ট পৰিমাণে ভিটামিন চি, ভিটামিন ই আৰু ভিটামিন এ থাকে, যি বয়স বৃদ্ধিৰ লক্ষণবোৰ হ্ৰাস কৰে আৰু ছালৰ উজ্জ্বলতাও বৃদ্ধি কৰে।

পাচন তন্ত্ৰৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতালৈ সকলো শক্তিশালী কৰক
বহু ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে ইলাচী পানীয়ে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in