হেডছাৰ

হেডছাৰ

♦ চয়ন বৰদলৈ

পুৰণি গ্লেমাৰ বাইকখন সদায় শিলিখাজোপাৰ ছাঁত ৰখাৰ দৰে আজিও ৰাখি ত্ৰৈলোক্য বৰুৱা অফিছলৈ সোমাই আহিল। গুৱাহাটীত মন্ত্ৰীৰ লগত হোৱা মিটিঙখনৰ পাছত বৰুৱাৰ স্কুলত আজি প্ৰথম দিন। স্কুলখনত এক আগেয়ে নোহোৱা ধৰণৰ গোমা গোমা পৰিবেশ। ইতিমধ্যে প্ৰাৰ্থনা শেষ হৈছিল।

চিৰাচৰিতভাৱে জান-নেজানকৈ অদৃষ্টজনক সেৱা এটা কৰি বৰুৱা প্ৰধান শিক্ষকৰ চকীখনত বহিল। সুপ্ৰভাত জাতীয় অভিবাদন জনাই সহকাৰী শিক্ষকসকল এজন এজনকৈ তেওঁৰ অফিচত সোমাই কোনোজন ক্লাছলৈ গ'ল, কোনোজন কমন ৰুমলৈ গ'ল। কোনেও বৰ বিশেষ কথা নাপাতিলে। কেৱল যাওঁতে হিন্দীৰ শিক্ষক ভৱানী উপাধ্যায়ে কৈ গ'ল, "ছাৰ, ইমান ভাবি নাথাকিব এইবোৰ কথা। আমি প্ৰত্যেকেই আৰু এই অঞ্চলৰ ৰাইজে আপোনাৰ ত্যাগক কেতিয়াও পাহৰিব নোৱাৰোঁ।"

নাপাহৰে!! তেৱোঁতো পাহৰিব নোৱাৰে। চিৰদিন সুখে-দুঃখে একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে তেওঁৰ কাষলৈ অহা নিৰুজনী মাত্ৰ চাৰিবছৰ থাকিয়েই বহু দূৰলৈ গুছি গৈছিল চিকিৎসাৰ অভাৱত। মানুহজনী ফুলি উঠিছিল। জিলা চিকিৎসালয়ত কেইদিনমান থকাৰ পাছত চিকিৎসকে গুৱাহাটীলৈ নিবলৈ পৰামৰ্শ দিছিল। খৰচ-পাতিৰ বাবে বৰুৱাই তেওঁৰ বন্ধকত থকা দুবিঘা মাটিৰ এবিঘা বিক্ৰীৰ বাবে যো-জা কৰিবলৈ সম্বন্ধীয়া ভায়েক সদানন্দক কৈছিল। পইচা যোগাৰ লগে লগেতো নহয়। পিছদিনাই ৰাতি নিৰুৱে উশাহ লোৱাত কষ্ট পাইছে বোলোতেই সকলো শেষ হৈ গ'ল। তিনিবছৰীয়া উজ্জীৱিতক নিৰুৱে তেওঁৰ হাতত গতাই গৈছিল। শ্ৰাদ্ধাদি শেষ কৰি উজ্জীৱিতক মোমায়েকৰ ঘৰত থৈ তেওঁতো এইখন স্কুললৈকে ঘূৰি আহিছিল। উজ্জীৱিত আজি ওঠৰ বছৰীয়া হ'ল, মাকক মনত নাই। কিন্তু বৰুৱাৰ বাবে কথাবোৰ যেন কালি-পৰহিৰ কথা। নাপাহৰে তেওঁ।

পৰিচালনা সমিতি আৰু গাৱঁৰ ৰাইজৰ সহযোগত বিধায়কৰ হাতে-ভৰিয়ে ধৰি স্কুলৰ পকা বিল্ডিংটো আনিছিল, কোনোবাই পাহৰিব পাৰিবনে? খুঁটা পোতাৰ দিনা যে সকলোৱে ফুৰ্ত্তিতে মাংসৰে ভাত খাইছিল। ছুটীৰ পাছত পকা-মিস্ত্ৰীৰ লগতো সমানে লাগি গৈছিল বৰুৱা। মুকলিত পৰি থকা ইটাবোৰৰ কথা ভাবি চাটি-ফুটি হৈছিল ৰাতি। সিদিনাখনৰ কথা এইবোৰ।

সেইদিনা ৰমেনৰ গঁড়ৰ ছালহেন পিঠিখনত বেতেৰে ঢেৰেপ-ঢেৰেপকৈ যে মাৰিছিল, দুখ পাওক বুলিতো মৰা নাছিল, শিক্ষা পাওক বুলি মাৰিছিল। ঘূৰি আহোঁতে দুয়োটা চকা পাংচাৰ হোৱা চাইকেলখন শিলগুটিৰ ৰাস্তাত ঠেলি ঠেলি আনিছিল। বেমাৰী চাইকেলখন বাতি থাকিবলৈ বৰুৱাই দুই-চাৰিপদ যতন ঘৰতে যোগাৰ কৰি লৈছিল। টিউব দুটাত পাম্প ভৰাই পানী থকা চৰিয়াটোত ডুবোৱাত দুয়োটা টিউবৰে ত্ৰিশটাৰো অধিক ফুটাৰে বুৰবুৰণি উঠিছিল। হাতত একেবাৰে পইচা পাতি নাছিল সেইকেইদিন। গতিকে দুটা নতুন টিউব কিনিব পৰা নাছিল। পিছদিনা ঢলপুৱাতে চাৰিডৰা মাটি হাল বাই বোকা দি, মাকে বাঢ়ি দিয়া গৰম ভাতকেইটা লৰালৰিকৈ খাই চৌ-ফলীয়া ৰ'দত তিনি কিল'মিটাৰ দূৰ খোজ কাঢ়ি এইখন স্কুললৈকেতো আহিছিল। কাৰোৰে প্ৰতিতো অভিযোগ নাছিল তেওঁ।

নাপাহৰে তেওঁ। চৰকাৰী শল্য চিকিৎসক ডা: ৰুবুল শইকীয়াইও নাপাহৰে তেওঁক। দুখীয়া ঘৰৰ ল'ৰা ৰুবুলক যে মেট্ৰিক পৰীক্ষাত পিন্ধি যাবলৈ মাৰোৱাৰী মানুহঘৰৰ পৰা এমাহৰ টিউছন ফীজ এডভান্স লৈ ফিটা লগোৱা চেণ্ডেল এযোৰ আনি দিছিল, এইবোৰ কথা সি ডাক্তৰ হ'লেও নাপাহৰে। সেয়ে বিহুৱে-সংক্ৰান্তিয়ে ঘৰলৈ আহিলে বৰুৱা ছাৰৰ ভৰি চুই সেৱা এটা নজনোৱাকৈ ডা: শইকীয়া নাযায়।
অসমীয়াৰ প্ৰবক্তা পল্লৱীয়েও নাপাহৰে। চঞ্চল, পঢ়া-শুনাত বিশেষ মন নথকা, কিন্তু মগজটো থকা পল্লবীক যে দুচাট নিদিলে ঠিকেই নহৈছিল। পিচলৈ মেট্ৰিকত চেন্টাৰৰ টপাৰ হৈছিল। নাপাহৰে তাই।

সৌমিত্ৰ, ব্ৰজেন, অনুৰাগ, শ্যামলী ইহঁত কোনো এটাইও পাহৰিব নোৱাৰে তেওঁক। দৈনিক স্কুলত পিটন খোৱা এতিয়াৰ সফল ব্যৱসায়ী ৰমেনেও নাপাহৰে তেওঁক। নোৱাৰে পাহৰিব।

টকাৰ লোভ আছিল জানো তেওঁৰ? টকাৰ প্ৰয়োজন অৱশ্যেই আছিল। স্কুলত দৰমহা পাবলৈ লোৱানো কেইদিন হৈছে? সেই সিদ্ধেশ্বৰ শৰ্মাই যে বাগানত গুদাম বাবুৰ চাকৰিৰ প্ৰস্তাৱটো দিছিল, মৰমৰ স্কুলখনৰ খাতিৰতে প্ৰত্যাখ্যান কৰা নাছিল জানো? তাৱৈয়েক যোগানন্দ হাজৰিকাই ডিফুত যোগাৰ কৰা এল.আই.চিৰ চাকৰিটোত স্কুলখনৰ কাৰণেইতো জইন নকৰিলে।

টকাৰ বাবে কোনোদিন কাৰোৰে ওচৰত সৰুৰে নহ'ল ত্ৰৈলোক্য বৰুৱা। তৈলমৰ্দনতো বহু দূৰৰ কথা। তেৱোঁতো এখন কলেজত পঢ়িছিল, কলেজখনৰ ছাত্ৰ-সংসদৰ সাধাৰণ সম্পাদক হৈছিল। কিন্তু কোনোদিন ৰাজনীতিৰ পংকিল পথত ভৰি দিয়া নাছিল মন্ত্ৰী, এম.এল.এ হোৱাৰ মানসেৰে।

আৰু এইবাৰৰ মেট্ৰিকৰ ৰিজাল্টে ইতিমধ্যেই তেওঁক আগেয়ে কোনোদিন নোপোৱা দুঃখ এটা দিছেই। সহিবলৈ কষ্ট কৰিবলগীয়া হৈছে। কোনোধৰণৰ উপায়েই তেওঁৰ হাতত বাচি থকা নাছিল। ক্লান্তি??? ক্লান্তি অলপদিনৰ পৰা অৱশ্যে আহিছে। দুটা যুগৰো অধিক কাল বিনা বেতনে কষ্ট কৰাৰ পাছত এক চিৰন্তন নিৰাপদবোধ, সামান্য অৱসাদ তেওঁৰ জীৱনলৈ আহিছে। কিন্তু এই অৱসাদক স্কুলখনৰ প্ৰতি উপেক্ষা বুলিব পাৰি জানো? এই অৱসাদৰ জানো কিবা জগৰ আছে এইবাৰৰ ৰিজাল্টত?

প্ৰায় তিনিবছৰৰ পৰাই তেওঁ মধুমেহ, উচ্চ ৰক্তচাপত ভুগি আহিছে। নিজৰ দৰৱ-পাতি কেইটা নিয়মিত খাই থাকিবলৈ, বৃদ্ধা মাকৰ চিকিৎসা কৰিবলৈ, উজ্জীৱিতৰ 'মানুহ' হ'বলৈ বুলি আৰম্ভ হোৱা যুঁজখনত তাক সহায় কৰিবলৈ দৰমহাকেইটা নিতান্তই প্ৰয়োজন। ইমানদিনে দৰমহাকেইটা দীৰ্ঘ দিন ধৰি বিনা বেতনে মানুহ গঢ়াৰ কমাৰ-শালত কাম কৰাৰ পুৰষ্কাৰ বুলি ভাবি আহিছিল বৰুৱাই। একেদিনাই তেওঁৰ প্ৰিয় মন্ত্ৰীজনে সেই পুৰষ্কাৰক অনুদানৰ শাৰীলৈ নমাই দিলে, বৰ নিদাৰুণতা, বৰ নৃশংসতাৰে। ইমান জনা-বুজা মন্ত্ৰীজনে কিয় যে নুবুজিলে যে অন্তৰত সামান্যতমো সঁচা ত্যাগৰ অনুভূতি অবিহনে কোনো মানুহেই পঁছিশ বছৰে বিনা বেতনত চাকৰি কৰিব নোৱাৰে।

তেওঁক স্কুলৰ পৰা স্বেচ্ছামূলক অৱসৰ ল'বলৈ পৰামৰ্শ দিছে মন্ত্ৰীয়ে। যিখন স্কুলৰ প্ৰতি চপৰা ইটাই জন্মলগ্নৰে পৰা তেওঁৰ কষ্টৰ ঘাম বহন কৰি আজিৰ অৱস্থা পাইছে, সেই স্কুলৰ পৰা স্বেচ্ছামূলক অৱসৰ ল'বলৈ পৰামৰ্শ দিছে তেওঁৰ প্ৰিয় মন্ত্ৰীজনেই। ই সম্ভৱ হ'ব জানো তেওঁৰ বাবে?? তাতকৈ জীৱনৰ পৰা অৱসৰ লোৱাই ভাল হ'ব।

চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ভবেনে মৰা ঘন্টাৰ শব্দত ত্ৰৈলোক্য বৰুৱা বাস্তৱলৈ ঘূৰি আহিল। অৱসৰ লোৱাটো অসম্ভৱেই। আনকি চৰকাৰে তেওঁক নিয়ম-মাফিক অৱসৰ দিয়াৰ পাছতো তেওঁ স্কুলখনলৈ আহি থাকিব লাগিব। স্কুলখনেই যে তেওঁৰ জীৱন।

⇒ চুটি গল্প প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হ'লঃ

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।
২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in