উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, শীঘ্ৰে ৯৫১৩গৰাকী টেট উত্তীৰ্ণক শিক্ষক পদত নিযুক্তি

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ অৱশেষত ৯৫১৩ গৰাকী চাকৰি বঞ্চিত টেট উত্তীৰ্ণৰ মুখত বিৰিঙি উঠিল হাঁহি। বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক চাকৰি বঞ্চিত এইসকল টেট উত্তীৰ্ণক শিক্ষক পদত নিযুক্তি দিবলৈ নিৰ্দেশ প্ৰদান কৰে।

চলিত বৰ্ষৰ মাৰ্চ মাহত শিক্ষা বিভাগে এক বিজ্ঞাপনযোগে উল্লিখিত সংখ্যক পদত শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি নিযুক্তিৰ ব্যৱস্থা কৰাৰৰ সময়তে আদালতৰ দ্বাৰস্থ হৈছিল ১৩৩ গৰাকী প্ৰাৰ্থী। ইয়াৰ পিছতে নিযুক্তি প্ৰক্ৰিয়াতো আদালতত ওলমি ৰয়।

অৱশেষত সুদীৰ্ঘ ৬ মাহৰ অন্তত উচ্চ ন্যায়ালয়ে উক্ত পদসমূহত নিযুক্তিৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা উঠাই শীঘ্ৰে পুনৰ নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক নিৰ্দেশ প্ৰদান কৰে। ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতে টেট উত্তীৰ্ণ আৰু ডিএলএড তথা বিএড ডিগ্ৰীধাৰীসকলে চাকৰিত নিযুক্তি লাভৰ পথ প্ৰশস্ত হৈ পৰে।

পঢ়িবলৈ তলৰ ফটোখনত Click কৰকঃ

ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ৰাজ্য চৰকাৰেও খালী হৈ থকা উক্ত পদসমূহত শীঘ্ৰে নিযুক্তিৰ ব্যৱস্থা কৰিব বুলি আশাবাদী হৈ পৰিছে আইনী মেৰপেচত চাকৰিৰ পৰা বঞ্চিত টেট উত্তীৰ্ণ এইসকল প্ৰাৰ্থী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in