মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কি কি ক’লে…

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কি কি ক’লে…

ডিজিটেল ডেস্কঃ বছৰৰ প্ৰথমটো বানতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত। প্ৰকৃতিৰ ৰুদ্ৰৰূপত তচনচ হল অসমৰ চুইজাৰলেণ্ড খ্যাত হাফলং চহৰ। এতিয়ালৈকে ৰাজ্যৰ ২৬খন জিলা বানত ক্ষতিগ্রস্ত হৈছে। তথাপিও যেন এই ভয়ংকৰ প্ৰলয়ক লৈ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন চিৰিয়াছ নহয়।

কোনো তথ্য অবিহনেই মন্ত্ৰীজনে কলে এইবাৰ বানত ৩৯ জনকৈ লোকৰ মৃত্যু হৈছে। কিন্তু দুৰ্যোগ প্ৰশমন বিভাগ আৰু মুখ্যমন্ত্ৰীৰ মতে বানত এতিয়ালৈকে মৃত্যু হৈছে ৮জন লোকৰ। এটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে কোনো তথ্য অবিহনেই এই সংখ্যা কিয় কলে তাক লৈ সচেতন মহলৰ মাজত প্ৰশ্নৰ উদয় হৈছে। বহুতে প্ৰশ্ন কৰিছে- ৰাজ্যৰ বান পৰিস্থিতিক লৈ চিৰিয়াছ নহয় নেকি  মন্ত্ৰী যোগেন মহন।

ইফালে সন্ধিয়া ভাগলৈ কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ বানত এতিয়ালৈকে ৮গৰাকী লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰে। বৃহস্পতিবাৰে হাফলঙলৈ ১২মেট্রিকটন খাদ্য সামগ্রী  বিমানযোগে পঠোৱা হব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

গাড়ী যোৱাৰ বাবে কোনো ৰাস্তা মুকলি নথকাৰ বাবে মন্ত্রী যোগেন মহন আৰু বিমল বৰাক হাফলঙলৈ বাইকেৰে যোৱাৰ নিৰ্দেশ প্ৰদান কৰাৰ কথাও ব্যক্ত কৰে মুখ্যমন্ত্রীগৰাকীয়ে। তেওঁ লগতে কয়-

বৰাক উপত্যকাত ২২ হাজাৰ মেট্রিক টন খাদ্য সামগ্রী মজুত আছে। এই খাদ্য এসপ্তাহলৈ যথেষ্ট। শিলচৰ-গুৱাহাটীৰ যোগাযোগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰে গুৰুত্বপূৰ্ণ ঘোষণা।  আগন্তুক ১০ দিন ফ্লাই বিগে শিলচৰ-গুৱাহাটীলৈ বিমান চলাব । ফ্লাই বিগৰ সৈতে ৰাজ্য চৰকাৰৰ বুজাবুজি চুক্তি হৈছে আৰু বিমান যাত্রাৰ টিকটৰ দাম চৰকাৰে নিৰ্ধাৰণ কৰিছে ৩হাজাৰ টকা।

ইফালে বানত মৃতকৰ পৰিয়ালক ৪ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বানৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰই ৰাজ্য চৰকাৰক ১০০০ কোটি টকা খৰচ কৰাৰ অনুমোদন দিছে বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in