হাটশিঙিমাৰী মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত অনুসূচিত জাতিৰ পৰিয়াললৈ বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ…

হাটশিঙিমাৰী মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত অনুসূচিত জাতিৰ পৰিয়াললৈ বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ…

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত মঙ্গলবাৰে পুৱাৰ ভাগত জিলা খনৰ অধীনত থকা মুঠ ১০০ টা অনুসূচিত জাতিৰ পৰিয়ালৰ হিতাধিকাৰীলৈ একোটাকৈ বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ বিতৰণ কৰা হয়।

উল্লেখযোগ্য যে মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে ২০১৯-২০ বিত্তীয় বৰ্ষৰ বিশুদ্ধ খোৱা পানী আঁচনিৰ জৰিয়তে অনুসূচিত জাতিৰ মুঠ ১০০ টা পৰিয়ালৰ হিতাধিকাৰীলৈ ফিল্টাৰ বিতৰণ কৰা হৈছে। অহা দুই দিনৰ ভিতৰত কাৰ্যালয়ৰটোৰ ফালৰ পৰা মুঠ ৩৭৬ গৰাকী এনে অনুসূচিত হিতাধিকাৰীক ফিল্টাৰ বিতৰণৰ কাৰ্য্যসূচী হাতত লোৱা হৈছে । এই ফিল্টাৰ বিতৰণ কাৰ্য্যসূচীত মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ জেষ্ঠ সহায়ক অমিত্য চন্দ্ৰ মণ্ডল আৰু বানেশ্বৰ বছমুতাৰী উপস্থিত থাকি ফিল্টাৰসমূহ হিতাধিকাৰীক বিতৰণ কৰে।

ফিল্টাৰ লাভ কৰা হিতাধিকাৰী শিৱানী শিল এই বিশুদ্ধ খোৱা পানীৰ চৰকাৰী ফিল্টাৰ লাভ কৰি সন্তষ্টি লাভ কৰা বুলি মত প্ৰকাশ কৰে।আনহাতে ফিল্টাৰ বিতৰণ কৰা মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জেষ্ট সহায়ক অমিত্য চন্দ্ৰ মণ্ডলেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in