হাটশিঙিমাৰীত পোষণ মাহ উপলক্ষে থলুৱা খাদ্য, ফল-মূল, পাচলিৰ প্ৰদৰ্শনী মেলা

হাটশিঙিমাৰীত পোষণ মাহ উপলক্ষে থলুৱা খাদ্য, ফল-মূল, পাচলিৰ প্ৰদৰ্শনী মেলা

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰৰ উদ্যোগত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে মলাখোৱা ছেক্টৰৰ অংগনাবাড়ী কেন্দ্ৰৰ কৰ্মী সকলক লৈ পোষণ মাহ উপলক্ষে থলুৱা খাদ্য, ফল-মূল, পাচলিৰ প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে প্ৰায় প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি অংগনাবাড়ী কেন্দ্ৰৰ কৰ্মী সকলৰ লগতে ৰাইজক সজাগ আৰু সচেতন কৰি তোলা পৰিলক্ষিত হৈছে ।

পোষণ মাহৰ লগত সংগতি ৰাখি বুধবাৰে মলাখোৱা অংগনবাড়ী কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে পুষ্টিকৰ খাদ্য, শাক-পাচলি তথা ফল-মূলৰ প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰা হয়। ২০১৮ চনৰ পৰাই ছেপ্টেম্বৰ মাহটো সমাজ কল্যাণ বিভাগৰ অধীনত সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰা এইদৰে পোষণ মাহ পালন কৰি আহা হৈছে ।

বুধবাৰে মলাখোৱা ছেক্টৰৰ অৰ্ধ শতাধিক অগংনাবাড়ী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকা সকলক লৈ এই খাদ্য সামগ্ৰী প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰা হয়। এই প্ৰদৰ্শনী মেলাৰ জৰিয়তে কণ কণ শিশু সকলৰ লগতে গৰ্ভৱৰ্তী মাতৃৰ এমিনা আৰু পুষ্টিহীন দুৰ কৰাৰ বাবে সজাগতামুলক কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। শিশু তথা গৰ্ভৱৰ্তী মহিলা সকলৰ পুষ্টি পোৱাৰ বাবে প্ৰটিন তথা আইৰযুক্ত শাক-পাচলি, ফল-মূল আৰু থলুৱা খাদ্য গ্ৰহন কৰিব লাগে।

কি কি খাদ্য গ্ৰহন কৰিলে অধিক প্ৰটিন লাভ কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন গীত তথা বাটৰ নাটৰ জৰিয়তে প্ৰদৰ্শনী মেলাত উপস্থিত অংগনাবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা তথা গৰ্ভৱৰ্তী মহিলা সকলক সজাগ কৰা হয়। এই প্ৰদৰ্শনী মেলাত অংগনাবাড়ী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকা সকলে বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য ঘৰতে প্ৰস্তুত কৰি খাদ্য প্ৰদৰ্শনী মেলাত প্ৰদৰ্শন কৰাৰ উপৰিও প্ৰটিন তথা আইৰনযুক্ত শাক-পাচলি, ফল-মুল আদিও প্ৰদৰ্শন কৰে।

২০১৮ চনৰ পৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশজুৰি ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ প্ৰতি বছৰে পোষণ মাহ উদযাপন কৰা হয়। পুষ্টিহীন কন কন শিশু সকলক গুৰুত্ব দিয়াৰ লগতে এমেনি থকা মহিলা সকলৰ বাবে এনে কাৰ্যসূচী ৰূপায়ন কৰা হয়। জিলাখনত থকা দুখনকৈ প্ৰকল্পৰ অধীনত মুঠ ১৫ টা ছেক্টৰত বিভিন্ন কাৰ্যসূচীৰে এইদৰে প্ৰতিদিনে বিভিন্ন কাৰ্যসূচীৰে পোষণ মাহ পালন কৰা হয়।

বুধবাৰে মলাখোৱাত ফেকামাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুঠ ২০৫ টা অংগনাবাড়ী কেন্দ্ৰৰ সহায়িকা-কৰ্মী সকলে উপস্থিত থকাৰ লগতে এই খাদ্য প্ৰদৰ্শনী মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা সহকাৰী আয়ুক্তা হিয়া মেধী। তদুপৰি বিশিষ্ট অতিথি হিচাপে সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া জালাল উদ্দীন আহমেদ, ফেকামাৰী প্ৰকল্পৰ পৰিসংখ্যা সহায়ক, মনিন সৰকাৰ বিশিষ্ট উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in