পুত্ৰক উভতাই পায় আনন্দত আত্মহাৰা হ’ল মাতৃ, বিদেশ মন্ত্ৰীক জনালে ধন্যাবাদ

পুত্ৰক উভতাই পায় আনন্দত আত্মহাৰা হ’ল মাতৃ, বিদেশ মন্ত্ৰীক জনালে ধন্যাবাদ
  • সুদীৰ্ঘ ৬ বছৰ কাল পাকিস্তানত কাৰাৱাস খাটি ভাৰতলৈ উভতিল হামিদ আনচাৰী।
  • বুধবাৰে তেওঁ সাক্ষাৎ কৰে বিদেশ মন্ত্ৰী সুষমা স্বৰাজক।
  • মাতৃৰ সৈতে বিদেশ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে হামিদ আনচাৰীয়ে।
  • বিদেশ মন্ত্ৰীক সাক্ষাৎ কৰি পুত্ৰ লাভৰ আনন্দত উথলি উঠে হামিদৰ মাতৃ।
  • 'এইখন মোৰ ভাৰতবৰ্ষ, আমি ইয়াৰ নাগৰিক হৈ ধন্য হৈছো।'- এই মন্তব্য কৰে হামিদৰ বৃদ্ধ মাতৃয়ে।
  • বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ প্ৰশংসাতো পঞ্চমুখ হৈ পৰে হামিদৰ মাতৃ।
  • 'আপুনি সঁচাই মহান, আপোনাৰ বাবে মই আজি পুত্ৰক ঘূৰাই পালো।'
  • এই মন্তব্য হামিদ আনচাৰীৰ বৃদ্ধ মাতৃৰ।
  • প্ৰেয়সীক লগ কৰিবলৈ গৈ ৬ বছৰ ধৰি পাকিস্তানৰ কাৰাগাৰত আৱদ্ধ হৈ আছিল হামিদ আনচাৰী।
  • মঙলবাৰে কাৰাৱাস সম্পন্ন কৰি মাতৃৰ ওচৰলৈ উভতিছিল হামিদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in