/asomiyapratidin/media/media_files/2026/02/08/1-2026-02-08-08-53-51.jpg)
ডিজিটেল সংবাদ,হাজোঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে গৰু চোৰৰ সন্ত্ৰাস। এইবাৰ হাজোৰ বিভিন্ন অঞ্চলৰ কৃষকৰ গোহালীৰ পৰা গৰু চোৰ কৰা তিনিটা গভাইত চোৰ আৰক্ষীৰ জালত। হাজোৰ টোক্ৰাদিয়াৰ মনোৰঞ্জন কলিতাৰ গৰু ফাৰ্মৰ পৰা গৰু চোৰ কৰি গ্ৰেপ্তাৰ তিনিটা গভাইত চোৰ। ইপিনে গৰু চোৰ কৰা সমগ্ৰ দৃশ্য বন্দী হ'ল CC কেমেৰাত।
/asomiyapratidin/media/post_attachments/b93de026-ee3.png)
গৰু চোৰ কাৰ্যত ব্যৱহৃত স্কোৰপিঅ' বাহনসহ এখন মটৰ চাইকেল আৰক্ষীয়ে জব্দ কৰে। লগতে ৰামদিয়া আৰু হাজো আৰক্ষীৰ যুটীয়া অভিযানত মুকালমুৱাৰ কচুৱাপথাৰৰ পৰা উদ্ধাৰ কৰে বিলাসী বাহনসহ চুৰি কৰা তিনিটাকৈ গৰু। দিনৰ ভাগত চোৰে চুৰি কৰা ঠাই সমূহৰ গতিবধি নিৰীক্ষণ কৰে মটৰ চাইকেলেৰে। নিশা সেই ঠাই সমূহৰ চোৰে চুৰি কাৰ্য সংঘটিত কৰে ।গ্ৰেপ্তাৰ হোৱা গভাইত চোৰকেইটা ক্ৰমে- হাজো চৰাবৰীৰ ৰমজান আলী, কচুৱাপথাৰৰ সোনবৰ আলী, জাকিৰ আলী বুলি জানিব পৰা গৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us