সৌভাগ্যৱানঃ যোগদানৰ ৫ মিনিটৰ পিছতেই প্ৰাৰ্থীত্ব লাভ দূৰ্গাদাস বড়োৰ…

সৌভাগ্যৱানঃ যোগদানৰ ৫ মিনিটৰ পিছতেই প্ৰাৰ্থীত্ব লাভ দূৰ্গাদাস বড়োৰ…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কংগ্ৰেছ দলৰ পৰা বিপিএফ দলত যোগদান কৰাৰ পাঁচমিনিটৰ পিছতেই প্ৰাৰ্থীত্ব লাভ কৰা সৌভাগ্যবান প্ৰাৰ্থী হিচাপে পৰিগণিত হ'ল দূৰ্গাদাস বড়ো । কংগ্ৰেছ দলৰ প্ৰাক্তন মুখপত্ৰ দূৰ্গাদাস বড়োৱে আজি কোকৰাঝাৰস্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ত সংবাদমে লকালিন সময়ছোৱাতে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰাৰ ক্ষন্তেক সময় পিছতেই প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৱে ।

কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা জেষ্ঠ্য মুখপাত্ৰ দুৰ্গাদাস বড়োক কলাইগাঁও সমষ্টিত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে বিপিএফৰ মুখপাত্ৰ হিচাপে দায়িত্ব অৰ্পণ কৰে ৷ সংবাদমেলত হাগ্ৰামা মহিলাৰীয়ে আজি কলাইগাঁও সমষ্টিৰ বিপিএফৰ বিধায়ক মহেশ্বৰ বড়োৰ সলনি দূৰ্গাদাস বড়ো , পানেৰী সমষ্টিৰ বিপিএফৰ বিধায়িকা কমলী বসুমতাৰীৰ সলনি কৰুণাকান্ত স্বৰ্গীয়াৰী , ওদালগুৰীত ৰিহন দৈমাৰী আৰু মাজবাটত চৰণ বড়োক আজি দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ।

কোকৰাঝাৰ চহৰ স্থিত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে দলৰ প্ৰথম পৰ্যায়ৰ চাৰিজনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে ৷ সেইমৰ্মে ওদালগুৰী জিলাৰ জনজাতিৰ বাবে সংৰক্ষিত ওদালগুৰী বিধানসভা সমষ্টিত বিপিএফৰ মন্ত্ৰী ৰিহণ দৈমাৰী , পানেৰী বিধানসভা সমষ্টিত কৰুণাকান্ত স্বৰ্গীয়াৰী, মাজবাট বিধানসভা সমষ্টিত চৰণ বড়ো আৰু কলাইগাঁও বিধানসভা সমষ্টিত বিপিএফত নতুনকৈ যোগদান কৰা কংগ্ৰেছ জেষ্ঠ্য শীৰ্ষ নেতা দুৰ্গাদাস বড়োৰ নাম দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ।

বিপিএফৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰি হাগ্ৰামা মহিলাৰীয়ে মহাজোঁটে কমেও ৭০ খন আসন লাভ কৰিবই বুলি দাবী কৰি পাটাছাৰকুচি সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস হাৰিব বুলি মন্তব্য কৰি মাজুলী সমষ্টিৰ পৰা নিৰ্বাচন খেলিলেও ৰঞ্জিত দাস জিকিব নোৱাৰে বুলি মন্তব্য কৰে মহিলাৰীয়ে ।

বিজেপিক অসমৰ পৰা উৎখাত কৰি মহাজোঁটৰ চৰকাৰ বনোৱাৰ লক্ষ্যৰে এইবেলি নিৰ্বাচনত অবতীৰ্ণ হম বুলি দাবী কৰি হাগ্ৰামা মহিলাৰীয়ে মহাজোঁটে কমেও ৭০ খন আসন লাভ কৰিব বুলি দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে । অখিল গগৈক বিপিএফে সমৰ্থন জনাব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত অখিল গগৈক আমি বেয়া নাপাঁও বুলি তাপপৰ্যপুৰ্ণ মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ।

উল্লেখ্য যে , বিপিএফে আজি ঘোষণা কৰা চাৰিজনীয়া প্ৰাৰ্থীৰ তালিকাত দলটোৰ বৰ্তমানৰ দুজন বিধায়ক ক্ৰমে কলাইগাঁওৰ বিধায়ক মহেশ্বৰ বড়ো আৰু পানেৰী সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰী বঞ্চিত হবলগীয়া হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in