মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ চৈয়দক ৫ বছৰ কাৰাদণ্ড…

মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ চৈয়দক ৫ বছৰ কাৰাদণ্ড…

ডিজিটেল ডেস্কঃ মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড তথা জমাত-উদ-দাৱাৰ প্ৰধান হাফিজ চৈয়দক সন্ত্ৰাসবাদীৰ পুঁজি সংগ্ৰহৰ গোচৰত দোষী সাব্যস্ত কৰি পাকিস্তানৰ এখন আদালতে ৫ বছৰৰ কাৰাবাসৰ শাস্তি বিহিছে। প্ৰাপ্ত খবৰ অনুসৰি, পাকিস্তানৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী আদালতে হাফিজ চৈয়দ অন্য অভিযুক্তক সন্ত্ৰাসবাদীৰ ধন সংগ্ৰহৰ গোচৰত যোৱা ১১ ডিচেম্বৰ, ২০১৯ত দোষী সাব্যস্ত কৰিছিল। সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-তৈবাৰ প্ৰতিষ্ঠাপক আৰু জমাত-উল-দাৱাৰ অধ্যক্ষ হাফিজ চৈয়দক ২০০৮ চনত সংঘটিত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ইউএনএছচিয়ে নিষিদ্ধ ঘোষণা কৰিছিল।

খবৰ অনুসৰি, হাফিজ চৈয়দৰ বিৰুদ্ধে পাকিস্তানত ২৩টা সন্ত্ৰাসবাদী গোচৰ ৰুজু হৈ আছে। ইফালে মুম্বাই আক্ৰমণৰ পিছত সন্ত্ৰাসবাদী নেতাজনৰ বিৰুদ্ধে ভাৰতে আন্তঃৰাষ্ট্ৰীয় মহলত অভিযোগ উত্থাপন কৰাৰ পাছতো পাকিস্তানত চৈয়দে মুক্তভাৱে বিচৰণ কৰা আৰু ভাৰত বিৰোধী ৰেলীত সক্ৰিয়ভাৱে প্ৰৰোচনামূলকভাৱে ভাষণ দিবলৈ অনুমতি প্ৰদান কৰিছিল পাকিস্তান চৰকাৰে।

কিন্তু এই সন্ত্ৰাসবাদী নেতাজনক লৈ আন্তঃৰাষ্ট্ৰীয় মহলে পাকিস্তানৰ ওপৰত বাৰে বাৰে হেঁচা প্ৰয়োগ কৰাত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় পাকিস্তানে। তাৰ পিছতে ২০১৭ চনত হাফিজ চৈয়দ আৰু আন ৪ সহযোগীক পাকিস্তান চৰকাৰে গ্ৰেপ্তাৰ কৰে যদিও প্ৰায় ১১ মাহৰ পিছত পুনৰ মুকলি কৰি দিয়া হয় সন্ত্ৰাসবাদী নেতাজনক। কিন্তু শেহতীয়াকৈ সন্ত্ৰাসবাদীৰ ধন সংগ্ৰহৰ অভিযোগত হাফিজ চৈয়দক দোষী সাব্যস্ত কৰি ৫ বছৰৰ কাৰাদণ্ড বিহিছে পাকিস্তানৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী আদালতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in