জ্ঞান বিকাশ একাডেমীৰ তথ্যচিত্ৰ ‘এন্ধাৰৰ ভেটা ভাঙি’ৰ শুভ মহুৰৎ…

জ্ঞান বিকাশ একাডেমীৰ তথ্যচিত্ৰ ‘এন্ধাৰৰ ভেটা ভাঙি’ৰ শুভ মহুৰৎ…

ডিজিটেল সংবাদ মঙলদৈঃ "শিক্ষানুষ্ঠান এখন প্ৰতিষ্ঠা কৰি, ধাৰাবাহিকভাবে ফলাফল উন্নত কৰাৰ লগতে সকলোবোৰ দিশ সমানে আগবঢ়াই নি দহটা বছৰ বৰ্তি থকাটো বৰ সহজ কাম নহয়, জ্ঞানৰ পোহৰ বিলোৱাৰ লগতে সাংস্কৃতিক পৰিৱেশ এটি গঢ় দিব পৰাটো শিক্ষানুষ্ঠান এখনৰ বাবে আদৰণীয় পদক্ষেপ।" এই মন্তব্য সুশান্ত বিশ্ব শৰ্মাৰ। ২৭ আগষ্ট তাৰিখে দৰঙৰ আৰক্ষী অধীক্ষক, অভিযন্ত্ৰা সুশান্ত বিশ্ব শৰ্মাই এক আবেগ বিহ্বলিত আৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মঙলদৈৰ জ্ঞান বিকাশ একাডেমীৰ বিগত বছৰ বোৰৰ শৈক্ষিক পৰিৱেশ, সফলতা আদিৰ ওপৰত নিৰ্মাণ হ'ব লগীয়া তথ্য চিত্ৰ "এন্ধাৰৰ ভেটা ভাঙি…."ৰ শুভ মহুৰৎ কৰি এই বক্তব্য আগবঢ়ায় ।

জ্ঞান বিকাশ একাডেমীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এন্ধাৰৰ ভেটা ভাঙিৰ শুভ মহুৰতৰ অনুষ্টুপীয়া কাৰ্যসূচীত অধ্যক্ষ কুশল কলিতাই আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ, পৰিচালক, গীতিকাৰ, অভিনেতা হেমন্ত দত্ত । শিক্ষানুষ্ঠানখনে লোৱা পদক্ষেপক প্ৰশংসা কৰি তেওঁ কয় যে, এনে ধৰণৰ প্ৰচেষ্টা আদৰ্শ স্বৰূপ আৰু ইয়াৰ বাবে তেওঁ হিয়া ভৰা আশীৰ্বাদৰ লগতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ভৱেশ কাকতিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

আনহাতে এই মহুৰৎ অনুষ্ঠানত সন্মানিয় অতিথি হিচাপে অংশ লৈ মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন চন্দ্ৰ বৰুৱাই জ্ঞান বিকাশ একাডেমীয়ে বিগত দহটা বছৰত শতাধিক ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ নামভৰ্তি কৰাই শিক্ষা প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰাৰ লগতে কোৰোনা কালত পাচ শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰি সমাজৰ প্ৰতি দায়বদ্ধতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে বুলি প্ৰকাশ কৰে। ৫ গৰাকী ছাত্ৰীৰ সুমধুৰ মংগলাচৰণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত থাকি ৰাজতিলক থিয়েটাৰৰ সম্পাদক দীপক কলিতা, আন্ত:মঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে অজয় ডেকা , ভাস্কৰজ্যোতি ডেকা, বিশিষ্ট পৰিচালক-অভিনেতা জীও অনিৰ্বাণ দত্ত আদিয়ে সৌষ্ঠৱ বৃদ্ধি কৰে।

উল্লেখযোগ্য যে জ্ঞান বিকাশ একাডেমীয়ে দশম বৰ্ষপুৰ্তী উপলক্ষে অহা জুলাই মাহলৈকে অবিভক্ত দৰং জিলাত বিভিন্ন শৈক্ষিক আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in