বিজেপি ত্যাগ কৰাৰ পিছত প্ৰথমবাৰলৈ চৰকাৰৰ বিৰুদ্ধে ৰাজপথত অভিনেতা ৰবি শৰ্মা, চাওঁক VIDEO

বিজেপি ত্যাগ কৰাৰ পিছত প্ৰথমবাৰলৈ চৰকাৰৰ বিৰুদ্ধে ৰাজপথত অভিনেতা ৰবি শৰ্মা, চাওঁক VIDEO
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিবাদ।
  • ৰাজপথলৈ ওলাই আহিছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল।
  • 'আকৌ শৰাইঘাটলৈ' শীৰ্ষক কাৰ্যসূচীৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ জোঁৰ লৈ সমদল।
  • কেবাজনো ছাত্ৰই মুণ্ডন কৰি প্ৰতিবাদ কৰে।
  • ইফালে এই প্ৰতিবাদত ভাগ লয় জ্যেষ্ঠ সাংবাদিক অজিত ভূঞাই।
  • জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কেবৰ বিৰোধিতা কৰাৰ লগতে সকলো স্তৰৰ লোককে চৰকাৰৰ জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে থিয় হোৱাৰ আহ্বান কৰে।
  • সোমবাৰে দুপৰীয়া বিজেপি ত্যাগ কৰা অভিনেতা ৰবি শৰ্মাইয়ো ভাগ লৈছে প্ৰতিবাদত।
  • এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ সকলো ছাত্ৰ-ছাত্ৰীকেই অভিনেতাগৰাকীয়ে কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।
  • কণ্ঠশিল্পী দীক্ষুৱেও এই প্ৰতিবাদত ভাগ লৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in