গুৱাহাটীত বাৰত নিশা বান্ধৱীসহ সুৰা পাৰ্টিত দাদাগিৰি প্ৰাক্তন সেনা বিষয়াৰ পুত্ৰৰ…

গুৱাহাটীত বাৰত নিশা বান্ধৱীসহ সুৰা পাৰ্টিত দাদাগিৰি প্ৰাক্তন সেনা বিষয়াৰ পুত্ৰৰ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ নিশাৰ মায়াবীজালত সুযোগ গ্ৰহণৰে নিশা চলে অসভ্যালি । খোদ ৰাজধানী দিছপুৰৰ ওচৰতে থকা এখন বাৰত সুৰাৰ পাৰ্টি কৰি বান্ধৱীসহ দাদাগিৰি কৰে এগৰাকী যুৱকে।

ঘটনাৰ বিৱৰণীমতে সিদ্ধান্ত সিনহা নামৰ যুৱক গৰাকীয়ে নিশা খ্ৰীষ্টানবস্তিৰ আণ্ডাৰ ডগ বাৰ খনত বান্ধৱীৰ সৈতে প্ৰৱেশ কৰি সুৰাৰ পাৰ্টি কৰি বাৰৰ কৰ্মচাৰী সৈতে কাজিয়াত লিপ্ত হয়। ইফালে এই সমগ্ৰ ঘটনা বাৰ খনৰ চি চি টিভিত আবদ্ধ হয় আৰু ঘটনা উত্তপ্ত পৰিস্থিতিৰ দিশে যোৱাত বাৰ কৰ্তৃপক্ষই দিছপুৰ আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে বাৰ কৰ্তৃপক্ষই দিয়া অভিযোগৰ যুৱক গৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ।

আনহাতে কোনো কথাক লৈ কাজিয়াত লিপ্ত হোৱা যুৱক সিদ্ধান্ত সিনহা প্ৰাক্তন সেনা বিষয়াৰ পুত্ৰ বুলি মহানগৰ আৰক্ষীয়ে প্ৰকাশ কৰে। উল্লেখ্য যে ঘটনাত পাৰ্থ সাৰথি নামৰ যুৱক গৰাকী গুৰুতৰভাৱে আহত হয় যদিও আৰক্ষীয়ে আহত যুৱকজনক চিকিৎসাৰ বাবে জি এম চি এইছত ভৰ্তি কৰায়। বৰ্তমানেই নিশা সুৰাৰ ৰাগীত উদ্ভণ্ডালি কৰা প্ৰাক্তন সেনা বিষয়াৰ পুত্ৰ সিদ্ধান্তৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in