আৰ্ট থেৰাপিঃ মানসিক অৱসাদ দূৰ কৰিবৰ বাবে ষ্টেট কেন্সাৰ চিকিৎসালয়ত বিশেষ কাৰ্যসূচী…

আৰ্ট থেৰাপিঃ মানসিক অৱসাদ দূৰ কৰিবৰ বাবে ষ্টেট কেন্সাৰ চিকিৎসালয়ত বিশেষ কাৰ্যসূচী…

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ ষ্টেট কেন্সাৰ চিকিৎসালয়ত সোমবাৰে 'পেইন আৰু পেলিয়েটিভ' বিভাগে আয়োজন কৰে 'এক্সপ্ৰেছিভ আৰ্ট থেৰাপী' নামৰ এক অনুষ্ঠানৰ। মুম্বাইৰ এটি সংস্থাই পৰিৱেশন কৰা এই অনুষ্ঠানটো অনুষ্ঠিত হয় চিকিৎসালয়ৰ ৪ নং মহল থকা ভৌতিক চিকিৎসা বিভাগৰ কক্ষত। এই অনুষ্ঠানটোত চিকিৎসালয় খনত কৰ্মৰত চিকিৎসক-নাৰ্চৰ লগতে অংশগ্ৰহণ কৰে ৰোগী তথা ৰোগীৰ পৰিয়ালবৰ্গইয়ো।

এই অনুষ্ঠানটিৰ মূল উদ্দেশ্যই আছিল যে, চিকিৎসালয়ৰ পৰিৱেশ সৈতে জড়িত সকলো ব্যক্তিৰ মনৰ পৰা অৱসাদ দূৰ কৰি মানসিক ভাৱে সুস্থিৰতা আৰু উৎসাহ বৃদ্ধি কৰা। উল্লেখ্য যে, এনে অনুষ্ঠান চিকিৎসালয়খনত প্ৰায়েই অনুষ্ঠিত হয়।ইয়াৰ পূৰ্বেও চিকিৎসালয়খনত ৩ বাৰকৈ এনে অনুষ্ঠান অনুষ্ঠিত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in