শেহতীয়া খবৰ
নাৰেঙ্গীৰ যুৱনগৰত সম্বৰ্ধনা অনুষ্ঠান, কৃতি শিক্ষাৰ্থীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ৬৫ জন ব্যক্তিক সম্বৰ্ধনা...  •  ফ্ৰান্সত উপস্থিত প্রধানমন্ত্ৰী মোডী, সোমবাৰে অংশগ্ৰহণ কৰিব জি-৭ সন্মিলনত...  •  ফ্ৰান্সত উপস্থিত প্রধানমন্ত্ৰী মোডী, সোমবাৰে অংশগ্ৰহণ কৰিব জি-৭ সন্মিলনত...  •  মহানগৰীৰ লতাশিল আৰক্ষীৰ জালত ৩ মহিলা ড্ৰাগছ সৰবৰাহকাৰী  •  অৱশেষত আত্মসমৰ্পণ কৰিলে দীৰ্ঘদিনে পলাই ফুৰা এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই  •  বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক  •  তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়  •  নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা  •  অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা  •  সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

কূটাঘাটৰ আশংকাত গুৱাহাটী ৰেল’ৱে ষ্টেচনত আৰক্ষীৰ তন্ন তন্ন তালাচী…

106

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে গুৱাহাটী মহানগৰীত যিকোনো ধৰণৰ কুটাঘাটৰ আশংকাত আৰক্ষীয়ে আৰম্ভ কৰিছে তালাচী অভিযান। মহানগৰীৰ পল্টন বজাৰ ৰেলৱে ষ্টেচনত প্ৰতিটো দুৱাৰ মুখত ৰেলৱে আৰক্ষীয়ে যাত্ৰীসকলক লগতে বেগ আদি তন্ন তন্নকৈ তালাচী কৰে।

তদুপৰি ৰেলৱে ষ্টেচন, এ চি কোঠা, যাত্ৰী জিৰণি কোঠাকে ধৰি ৰেল আদিতো জি আৰ পি এফ দলে তীব্ৰ কটকটীয়াকৈ নিৰাপত্তা বেষ্টনী গঢ়ি তোলে যাতে কুটাঘাটকাৰীয়ে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কোনো ধৰণৰ কুটাঘাট সংঘটিত কৰিব নোৱাৰে। ইফালে কুটাঘাটকাৰীয়ে গুৱাহাটীত সংঘটিত কৰাৰ চোৰাংচোৱা তথ্য লাভ কৰা পিছতে মহানগৰীৰ মালিগাঁও কামাখ্যা ৰেলৱে ষ্টেচনতো জি আৰ পিয়ে প্ৰতিগৰাকী যাত্ৰীকে প্ৰৱেশ প্ৰস্থানত তালাচী অভিযান কটকটীয়া কৰি তুলিছে ।

প্ৰতি দিনৰ দৰে সোমবাৰেও কামাখ্যা ষ্টেচন, জিৰণি কোঠাকে ধৰি এ চি কোঠা তথা ৰেলৱে ষ্টেচন কাষৰ ঠাই সমূহত আৰক্ষীয়ে স্নিফাৰ ডগ, তালাচীৰ মেচিন আদি ব্যৱহাৰ কৰি নিৰাপত্তা ক্ষীপ্ৰতৰ কৰি গঢ়ি তুলি অভিযান অব্যাহত ৰাখিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি