মহানগৰীৰ বিভিন্ন স্থানত ভয়ংকৰ ভূমিস্খলন, নিহত ১

মহানগৰীৰ বিভিন্ন স্থানত ভয়ংকৰ ভূমিস্খলন, নিহত ১
  • ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ গড়চুকত ভয়ংকৰ ভূমিস্খলন।
  • ভূমিস্খলনত আৱদ্ধ হৈ মৃত্যু হৈছে এজন লোকৰ।
  • মৃত লোকজনৰ নাম নাৰায়ণ শ্বাহ।
  • গুৰুতৰভাৱে আহত লোকজনক ভৰ্তি কৰোৱা হৈছিল জি এম চি এইচত।
  • হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে লোকজনে।
  • বাসগৃহৰ ওপৰত পাহাৰৰ প্ৰকাণ্ড শিল খহি আৱদ্ধ হৈ পৰিছিল লোকজন।
  • যোৰাবাটৰ ১১ মাইলতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা।
  • ভূমিস্খলনৰ ফলত গুৰুতৰভাৱে আহত হৈছে এজন লোক।
  • আহত ৬০ বছৰীয়া লোকজনৰ নাম হেমেশ্বৰ বৰা ।
  • হোটেলত কাম কৰি থকাৰ সময়তে ভূমিস্খলনত আহত হয় লোকজন।
  • সংকটজনক অৱস্থাত জি এম চি এইচ লৈ প্ৰেৰণ কৰা হৈছে আহত লোকজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in