
ডিজিটেল ডেস্ক : মহানগৰ মানেই ব্যস্ততা । সকলো সময়তেই গাড়ী-মটৰ, যান-জঁট । থমকি ৰ'বলৈ সময় নাই কাৰো ওচৰত । থমকি ৰ'লেই যেন আগুৱাই যাব সময়, পাছ পৰি ৰ'ব জীৱন । তেনে এক ব্যস্ততা নৈপৰীয়া ৰাইজৰ পূৰ্বে নাছিল কাহানিও । এই ব্যস্ততা এক প্ৰতিযোগিতা । নৈপৰীয়া অৱস, অলস জীৱন... ক্ষন্তেক ৰৈ ডুবিব ধৰা বেলিটো চাবলৈ নৈৰ পাৰত ৰৈ যায় পানী নিবলৈ অহা গাভৰুৰ দল, চাপৰিত গৰু চৰাবলৈ অহা ডেকাৰ জাক । সেই জীৱন কাহানিবাই এৰি আহিলে মহানগৰে । এতিয়া চকুৰ গুৰিত মাৰ যাও যাও হোৱা সপোন একোটা লৈ ঘূৰি ফুৰে মহানগৰবাসী ।
তাৰেই মাজতে তুলনামূলক ভাৱে কিছু সময়ৰ বাবে স্তব্ধ হৈ ৰয় দুপৰীয়াবোৰ । ৰিব্ ৰিব্ বতাহৰ মাজেৰে দুই এটা চৰাইৰ মাত বৈ আহে দূৰণিৰ পৰা । ক্ষন্তেক থমকি ৰয় বাটৰুৱা ।
ফাগুন নামিছে মহানগৰলৈও । ধূলিময় বাটপথেৰে এক বিৰক্তিকৰ পৰিৱেশ চৌদিশে । সৰাপাতবোৰে এটা অধ্যায় শেষ হোৱাৰ কাহিনী কোৱাৰ লগতেই দিছে নতুনৰ আগমনিৰ বতৰা...
সৰাপাতবোৰত পুৱঁতি নিশা কুৱঁলি পৰিছে, পাতবোৰৰ সৈতে সেমেকিছে মনবোৰো । আকৌ দিনটোৰ বাবে ধূলিয়ৰি, উদাস সকলো ।
কিন্তু তাৰ মাজতেই মহানগৰীত শুনিবলৈ পোৱা গ'ল কুলিৰ মাত । বিহুলৈ বহু দূৰ, ফাগুন আৰম্ভ হৈছে হে...
কিন্তু এইবাৰ যেন সোনকালেই আহিল কুলি, ৰৈ থাকিবলৈ সময় নাই কণমানি চৰাইটোৰো । আকৌ উভতি যাবলৈ আছে বহুদূৰ বাট ।
মহানগৰীৰ এই ব্যস্ততাৰ মাজত ক্ষন্তেক ৰৈ শুনিবলৈ চেষ্টা কৰিব, কুলিটিয়েও যেন সুধিছে, বিহুলৈ কিমান দিন ?