ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতেই কোৰোনা ভাইৰাছৰ প্রভাৱ পৰা দেখা গৈছে। অসমতো পাব, বাৰ, ৰেষ্টুৰেন্ট আদি বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। ইফালে, বৃহস্পতিবাৰে শ্ৰী শ্ৰী উমানন্দ দেৱালয় পৰিচালনা সমিতিয়েও এই ভাইৰাছ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ।
এক জাননীযোগে দেৱালয়ৰপৰিচালনা সমিতিয়ে সকলো ভক্তপ্ৰাণ ৰাইজক অহা ৩১ মাৰ্চলৈকে উমানন্দ দেৱালয় বন্ধথাকিব বুলি জনায়। জাননীখনত লগতে উল্লেখ কৰে যে, ভাৰত চৰকাৰৰ নিৰ্দেশানুসাৰে কোৰোনাভাইৰাছৰ পৰা হাত সাৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা ৰূপে বন্ধ ৰখা হ'ব এই দেৱালয়।