নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আলোচনাপন্থী আলফাৰ উদ্যোগত বিশেষ বৈঠক

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আলোচনাপন্থী আলফাৰ উদ্যোগত বিশেষ বৈঠক

author-image
asomiyapratidin
New Update
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আলোচনাপন্থী আলফাৰ উদ্যোগত বিশেষ বৈঠক

ডিজিটেল সংবাদ, গুৱাহাটীঃ সোমবাৰে মহানগৰীৰ পল্টনবজাৰস্থিত হোটোল অম্বৰীশত আলোচনাপন্থী আলফা আৰু বংগ ভাষী অসমীয়াৰ মাজত এক বিশেষ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যত হিন্দু-বঙালী সংঘাত সৃষ্টিকাৰী পৰিস্থিতি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চলি থকা তীব্ৰ বাক-বিতণ্ডা সম্পৰ্কত আলোচনাপন্থী আলফা আৰু বংগভাষী অসমীয়াসকলে বৈঠকত মত বিনিময়ত কৰে।

Advertisment

আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়াকে ধৰি আলফাৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থকা বৈঠকখনিত বংগভাষী অসমীয়া সমাজৰ সভাপতি প্ৰদীপ সেন শৰ্মা, নিবন্ধকাৰ ৰক্তিম স্বামী আদি বঙালী অসমীয়া বুদ্ধিজীৱি, লেখকে অংশগ্ৰহণ কৰে।

আলোচনাপন্থী আলফাৰ শীৰ্ষ নেতা তথা অসমীয়া বঙালী বুদ্ধিজীৱি-লেখকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰে গ্ৰহণ কৰা স্থিতিত অসন্তুষ্টি প্ৰকাশ কৰে। আনহাতে কোনো দুস্কৃতিকাৰীয়ে বঙালী আৰু অসমীয়াৰ মাজত সংঘাতৰ বীজ ৰোপন কৰিবলৈ চেষ্টা চলোৱা বুলি দাবী কৰি বৈঠকত উপস্থিত সকলোৱে এই কাণ্ডক গৰিহণা দিয়ে।