
ডিজিটেল সংবাদ, গুৱাহাটীঃ চানমাৰিৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত ২০সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা চলি থকাৰ সমান্তৰালভাৱে ইয়াৰ পৰা সামান্য দূৰত্বত অনুষ্ঠিত হ'ব আন এখন গ্ৰন্থ উৎসৱ। ১৩ নৱেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব এই গ্ৰন্থ উৎসৱ। অৱশ্যে এইখন গ্ৰন্থ উৎসৱ কেৱল শিশুসকলৰ বাবেহে।
শিশু গ্ৰন্থ উৎসৱ নামেৰে এই গ্ৰন্থ উৎসৱৰ আয়োজক হৈছে অসম প্ৰকাশন পৰিষদ। শিশুৰ বৌদ্ধিক, মানসিক, আধ্যাত্মিক বিকাশ সাধনৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদৰ এই শিশু গ্ৰন্থ উৎসৱ অনুষ্ঠিত হ'ব শ্ৰদ্ধাঞ্জলি কাননত। তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰলৈকে চলিবলগীয়া গ্ৰন্থ উৎসৱৰ প্ৰৱেশ বিনামূলীয়া হ'ব বুলি জানিবলৈ দিছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।
কাইলৈ দিনৰ ১১.৩০ বজাত উদ্বোধন হ'ব শিশুগ্ৰন্থ উৎসৱৰ মূল কাৰ্যসূচী। উক্ত অনুষ্ঠানত উপস্থিত থাকিব অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই উদ্বোধন কৰিব শিশু গ্ৰন্থ উৎসৱৰ মূল কার্যসূচী। উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট লেখক, বিজ্ঞানী ডঃ দীনেশ চন্দ্ৰ গোস্বামী, বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, উচ্চ শিক্ষা বিভাগৰ সঞ্চালিকা গীতিমণি ফুকন।
এই অনুষ্ঠানতে ডঃ কৰবী ডেকা হাজৰিকাৰ "মইনা মৌ কবিতা" আৰু ডঃ প্ৰাণজিৎ বৰাৰ "আমাৰে মইনা টোপনি যাব এ" নামৰ গ্ৰন্থ দুখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব।
দিনৰ ১২ বজাৰ পৰা শিশুসকলৰ মাজত অনুষ্ঠিত হ'ব কবিতা আৰু ছবিঅঁকা প্ৰতিযোগিতা। ক আৰু খ দুটা শাখাত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ'ব প্ৰতিভা বিকাশৰ অনুষ্ঠান "মুকুতা ৰং-বিৰং"।
ঠিক একেদৰে ১৪ নৱেম্বৰৰ দিনৰ ১২ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হ'ব তৰ্ক আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা। "ক"শাখাৰ তৰ্কৰ বিষয়, "বলতকৈ বুদ্ধি শ্ৰেষ্ঠ" আৰু "খ" শাখাৰ বিষয় "অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ উত্তৰণেহে অসমীয়া ভাষাৰ উত্তৰণ ঘটাব"।
আবেলি তিনি বজাৰ পৰা অনুষ্ঠিত হ'ব শিশু আলোচনী সম্পাদক আৰু বাতৰিকাকতৰ বিভাগীয় সম্পাদকসকলৰ সৈতে লেখকৰ আলাপ অনুষ্ঠান। ১৫ নৱেম্বৰৰ দিনা অনুষ্ঠিত হ'ব ১২ বজাৰ পৰা কুইজ প্ৰতিযোগিতা।
'ক' আৰু 'খ' দুটা শাখাত অনুষ্ঠিত হ'ব এই কুইজ প্ৰতিযোগিতা। সন্ধিয়া ৫ বজাত এনিমেচন ছবি "সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ" প্ৰদৰ্শন কৰা হ'ব । এই অনুষ্ঠানত উপস্থিত থাকিব চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা আৰু পবিত্ৰ মাঘেৰিটা। গ্ৰন্থ উৎসৱৰ প্ৰতিযোগিতা সম্পৰ্কত অধিক তথ্যৰ বাবে অৰ্চনা শইকীয়া, অসম প্ৰকাশন পৰিষদৰ সৈতে ফোন নম্বৰ ৭৮২০৯-৪৩১৬৭ত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে উদ্যোক্তাসকলে।
উল্লেখ্য যে, শিশু গ্ৰন্থ উৎসৱ আয়োজনৰ পৰিপ্ৰেক্ষিতত চানমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰক লৈ উত্তৰ-পূব গ্ৰন্থমেলাৰ উদ্যোক্তাসকলৰ সৈতে সংঘাতৰ সৃষ্টি হৈছিল অসম প্ৰকাশন পৰিষদৰ। পৰৱৰ্তী সময়ত আলোচনা মৰ্মে সেয়া মীমাংসা কৰা হয় যদিও চানমাৰিত এখন গ্ৰন্থ মেলা চলি থকাৰ মাজতে কিছু দূৰৈত শিশুৰ হ'লেও আন এখন গ্ৰন্থ উৎসৱ চৰকাৰীভাৱে আয়োজন কৰাটোৱে একাংশ গ্ৰন্থপ্ৰেমীৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।