/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/46089503_937089360015180_7710777420986449920_n.jpg)
ডিজিটেল সংবাদ, উত্তৰ গুৱাহাটীঃ অৱশেষত স্বস্তিৰ নিশ্বাস পেলাইছে আইআইটিবাসীয়ে। বিগত কেবাদিনো ধৰি অঞ্চলটোৰ লোকসকলৰ ত্ৰাসৰ কাৰণ হৈ অহা নাহৰফুটুকীটোক সোমবাৰে পিঞ্জৰাৱদ্ধ কৰিবলৈ সমৰ্থ হয় বন বিভাগ।
যোৱা প্ৰায় এসপ্তাহ ধৰি নাহৰফুটুকীটোৱে আই আই টিৰ আশে-পাশে মুক্তভাৱে বিচৰণ কৰি আহিছিল। বাঘটোৰ এনে মুক্ত বিচৰণত একপ্ৰকাৰ শংকিত হৈ পৰিছিল স্থানীয় লোকসকল।
এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাত বন বিভাগে এটি পিঞ্জৰা স্থাপন কৰে। উক্ত পিঞ্জৰাতে আৱদ্ধ হয় বাঘটো। পিঞ্জৰাৱদ্ধ বাঘটো সামান্যভাৱে আঘাতপ্ৰাপ্ত বুলি জনাইছে বন বিভাগে।
বাঘটো পিঞ্জৰাৱদ্ধ হোৱাত স্থানীয় লোকসকলৰ শংকা কিছু পৰিমাণে হ্ৰাস পাইছে যদিও অঞ্চলটোত আৰু কেবাটাও বাঘ থকা বুলি সন্দেহ ব্যক্ত কৰিছে।