১২তম ৰক্তাভ দত্ত চৌধুৰী সোঁৱৰণী আন্তঃবিদ্যালয় দবা প্ৰতিযোগিতাৰ শুভাৰম্ভ

প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৮০ খন বিদ্যালয়ৰ ২৬৫ গৰাকী দবা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ৷  ইয়াৰে ১০০ গৰাকীয়েই আন্তঃৰাষ্ট্ৰীয় ৰেটিং প্ৰাপ্ত খেলুৱৈ ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  মাইণ্ড স্পৰ্টছ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয়ৰ সৌজন্যত ১২ তম ৰক্তাভ দত্ত চৌধুৰী সোঁৱৰণী আন্তঃ বিদ্যালয় দবা প্ৰতিযোগিতাখন আজি নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত শুভাৰম্ভ কৰা হয়।

প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৮০ খন বিদ্যালয়ৰ ২৬৫ গৰাকী দবা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ৷  ইয়াৰে ১০০ গৰাকীয়েই আন্তঃৰাষ্ট্ৰীয় ৰেটিং প্ৰাপ্ত খেলুৱৈ ৷

প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত প্ৰয়াত ৰক্তাভ দত্ত চৌধুৰী আৰু অসমৰত্ন শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই মাইণ্ড স্পৰ্টছ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী আৰু অসম জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই৷

 অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধি, উপাধ্যক্ষদ্বয় অপৰাজিতা বৰা আৰু ৰবীন্দ্ৰ বৰ্মন, অজাবি ন্যাসৰক্ষী ৰূপা দত্ত চৌধুৰী,মাইণ্ড স্পৰ্টছ ফাউণ্ডেশ্যনৰ হৈ সম্পাদক নয়ন কুমাৰ দত্ত, উপ-সভাপতি অনন্ত গোস্বামী, কোষাধ্যক্ষ মৃন্ময় হাজৰিকা আৰু যুটীয়া সম্পাদক প্ৰণৱ কুমাৰ দাস প্ৰমুখ্যে উপস্থিত খেলুৱৈ আৰু অভিভাৱক সকলে এই শ্ৰদ্ধাঞ্জলিত অংশ লয়।

 ইয়াৰ পিছতে অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে ৷ উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে অসম জাতীয় বিদ্যালয়ৰ শিক্ষক দীপক কোঁচে ৷ আজি অনুষ্ঠিত দবা প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ড খেলৰ অন্তত শীৰ্ষ বাচনিৰ খেলুৱৈসকলে অগ্ৰগতি লাভ কৰি আছে ৷

পৰৱৰ্তী দিনৰ খেল ১৯, ২০ আৰু ২১ অক্টোবৰ’ ২০২৫ তাৰিখলৈ চলিব ৷ অহা ২১ অক্টোবৰত বিয়লি ৩  বজাত অনুষ্ঠিত হ’বলগা সামৰণি আৰু বঁটা বিতৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি মাইণ্ড স্পৰ্টছ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয়ে এই বছৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক হিন্দী ভাষাৰ দৈনিক পূৰ্বোদয় কাকতৰ ডেপুটি এডিটৰ [ক্ৰীড়া] পৱন কুমাৰ ঝা মুৰলীক নগদ ১০,০০০.০০ টকাৰ লগতে প্ৰশস্তিপত্ৰ, শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জনাব ৷

উল্লেখ্য যে, ৯৪ টা পুৰস্কাৰ সম্বলিত এই প্ৰতিযোগিতাখনৰ চীফ আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথ আৰু তেওঁক সহযোগ কৰিছে ৰবিকান্ত তিৱাৰী , অনন্ত গোস্বামী , মৃন্ময় হাজৰিকা, নীতেশ পৰ্বত , মুকুল কলিতা আৰু ত্ৰিনয়ন ভট্টই৷

অসম জাতীয় বিদ্যালয়