/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9159c545-34e7-4c6b-8607-90daef837d01/46.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : জাৰ্মানীৰ চিকিৎসক তথা বিশেষজ্ঞ ডা০ গেৰিয়ান হিলে আৰম্ভ কৰা এক অভিনৱ হাৰ্নিয়া কৌশল ফাচিঅ’টেন্সৰ প্ৰৱৰ্তনৰ কথা ৰাজহুৱা কৰি স্বাগত হাস্পতালে গৌৰৱ অনুভৱ কৰিছে। এই পদ্ধতিটোৱে পেটৰ জটিল ৰোগ চিকিৎসাৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সমাধান কৰিব বুলি আশা প্ৰকাশ কৰে।
উল্লেখ্য যে পেটৰ বেমাৰত যিকোনো দুৰ্বলতা বুলি জটিল হাৰ্নিয়াই অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। যোৱা দুটা দশকত চিকিৎসা ক্ষেত্ৰখনত ন্যূনতম অস্ত্ৰোপচাৰ দিশত যথেষ্ট পৰিৱৰ্তন ঘটিছে। বেছিভাগ হাৰ্নিয়া চিকিৎসাৰ বাবে লেপ্ৰোস্কোপিক অস্ত্ৰোপচাৰৰ গুৰুত্ব বাঢ়িছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6509f443-7e1b-4ddb-98bf-26081be60290/4a82e3aa-be23-4675-8cec-24531f200eb5.jpg)
হাৰ্নিয়া চিকিৎসাৰ ক্ষেত্ৰত ফেচিঅ’টেন্সে এক বৃহৎ অগ্ৰগতি প্ৰতিনিধিত্ব কৰে। এই কৌশলত যান্ত্ৰিক যন্ত্ৰ ব্যৱহাৰ কৰি পেটৰ বেৰখন লাহে লাহে দুঘণ্টামানৰ ভিতৰত টানিব লাগে। পেটৰ বেৰখন পৰ্যাপ্ত পৰিমাণে শিথিল হ’লে জালৰ ব্যৱহাৰ নকৰাকৈয়ে অস্ত্ৰোপচাৰৰ ফাঁকটো বন্ধ কৰা বহুত সহজ হৈ পৰে। পেটৰ বেৰখন পৰ্যাপ্তভাৱে বন্ধ কৰিব নোৱাৰা ক্ষেত্ৰত ফেচিঅ’টেন্সে অতিৰিক্ত সমাধান আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/00ccb842-650d-4947-9bcb-517ab3c36203/dd663fd6-25a1-432f-b87a-7558dd30cef9.jpg)
শেহতীয়াকৈ ২১ চে.মি.তকৈ অধিক হাৰ্নিয়াৰ ফাঁক থকা এজন ৰোগীয়ে Swagat Hospital ত এই অভিনৱ পদ্ধতিৰ চিকিৎসা গ্ৰহণ কৰে। অস্ত্ৰোপচাৰৰ পূৰ্বে ৰোগীজনক পেটৰ পেশীবোৰ শিথিল কৰিবলৈ বটক্স বেজী দিয়া হৈছিল। অস্ত্ৰোপচাৰৰ সময়ত ফেচিঅ’টেন্স ডিভাইচৰ সহায়ত পেটৰ হাৰ্নিয়া সফলতাৰে বন্ধ কৰা হৈছিল, যাৰ ফলত ৰোগীয়ে অস্ত্ৰোপচাৰৰ স্থানত বিশেষ অসুবিধা নোহোৱাকৈ সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b3a3b26f-3c51-4bb4-8527-c02a5b7db07a/4a82e3aa-be23-4675-8cec-24531f200eb5.jpg)
স্বাগত কৰ্তৃপক্ষই জনাই যে পূৰ্বে দুটা হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰা ৰোগীজনে উল্লেখযোগ্য ফলাফল লাভ কৰিছিল আৰু বুধবাৰে তেওঁক অতি সন্তুষ্টিৰে ঘৰলৈ যাবলৈ দিয়া হৈছিল। ফাচিঅ’টেন্স কৌশলৰ প্ৰৱৰ্তনে হাৰ্নিয়া চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে, যিয়ে পেটৰ বেৰৰ জটিল সমস্যা থকা ৰোগীৰ বাবে নতুন আশাৰ সঞ্চাৰ কৰিছে।
বৰ্তমান চিকিৎসা পদ্ধতি অতি ব্যয়বহুল কাৰণ ডিচপ’জেবল সঁজুলিৰ খৰচ অতি বেছি কিন্তু সময়ৰ লগে লগে খৰচ কমি যাব বুলি আশা কৰা হৈছে। অতি সোনকালে এই কৌশলটো ৰবটিক অস্ত্ৰোপচাৰৰ সৈতে সংযুক্ত কৰা হ’ব।
অধ্যাপক সুভাষ খান্নাৰ নেতৃত্বত ডাঃ সুপ্ৰিয় চৌধুৰী, ডাঃ অৰিন্দম বৰুৱা, ডাঃ বিশ্বজ্যোতি ৰাভা আৰু ডাঃ কানিনীকা দাসৰ লগতে স্ক্রাব নাৰ্ছ বিদ্যাৰাণী দেৱী, লিপিকা শইকীয়া আৰু আলৱনিশা ডখাৰৰ সহযোগত অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ কৰা হয়।
Also Read: আয়োজক পাকিস্তানৰ ভূমিত টীম ইণ্ডিয়াই নেখেলে চেম্পিয়নছ ট্ৰফীৰ মেচ !