/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/xzi4qlf4/AP-FOR-WEB-2-.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : অসমৰ শিল্প, অনুবাদ সাহিত্য, গবেষণা আৰু সমাজকৰ্মৰ জগতলৈ আগবঢ়োৱা নিষ্ঠাপূৰ্ণ অৱদানৰ স্বীকৃতিৰে ২০২৩ বৰ্ষৰ গোলোক সন্মান ঘোষণা কৰা হয় ৷ অসমৰ এগৰাকী বিশিষ্ট অনুবাদক, সামাজিক কৰ্মী আৰু চিত্ৰৰসিক গোলোকচন্দ্ৰ দত্তৰ নামেৰে এই সন্মান যোৱা বছৰৰ পৰা আগবঢ়াই আহিছে ইউ ডি ফাউণ্ডেচনে ৷
এই সন্মানৰ বাবে নিৰ্বাচন কৰা ব্যক্তিকেইগৰাকী হ’ল ডঃ সঞ্জীৱ বৰা (চিত্ৰশিল্প), অৱন্তিকা পৰাশৰ (অনুবাদ সাহিত্য), ৰাজেশ দত্তবৰুৱা ( পৰিবেশ কৰ্মী) আৰু ডঃ বাবুৰাম শইকীয়া (নৃত্যশিল্পী আৰু গবেষক) ৷ চিত্ৰকলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে গোলোক সন্মানেৰে সন্মানিত ডঃ সঞ্জীৱ বৰা স্বকীয়তাৰ স্বাক্ষৰ প্ৰদৰ্শন কৰা পৰিচিত চিত্ৰশিল্পী ৷
আলোচনীৰ প ১২৬দ অংকনেৰে প্ৰায়োগিক কলাৰ জগতত ভৰি দিয়া সঞ্জীৱ বৰাই যোৱা এটা দশক অসমীয়া গ্ৰন্থৰ প্ৰচ্ছদক নতুন নতুন সম্পৰীক্ষাৰে সমৃদ্ধ কৰি আহিছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ প্ৰকাশনসমূহৰ লগতে ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানৰ বাবে এতিয়ালৈকে দুই সহস্ৰাধিক বিশেষ গ্ৰন্থৰ প্ৰচ্ছদ অংকন কৰিছে ৷
বৰাই বহুকেইখন চলচ্চিত্ৰৰো প’ষ্টাৰ, নাম-কাৰ্ড আদি অংকণ কৰিছে৷ ভিজুৱেল আৰ্টৰ প্ৰায়বোৰ দিশতে কাম কৰা বৰা হস্তকলা আৰু ডিজিটেল দুয়ো মাধ্যমতে সিদ্ধহস্ত ৷ বৰ্তমান তেওঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত ৷
এদিথ নেজবিথৰ ‘দা ৰেলৱে চিলড্ৰেন’ৰ অনুবাদেৰে আত্মপ্ৰকাশ কৰা অবন্তিকা পৰাশৰলৈ অনুবাদকৰ্মৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে ৷ ‘ৰজা চল’মনৰ খনি’, ‘মাৰ্টিন লুথাৰ কিঙৰ আত্মজীৱনী’কে ধৰি তেওঁৰ কেইবাখনো অনুবাদ কিতাপ প্ৰকাশ পাইছে ৷
‘সোণটি চিন্ময়হঁতৰ কথাৰে’, ‘আকাশৰ তৰা’ আৰু ‘জকাইচুকত জোনাকীৰ জিলমিল’ তেওঁৰ মৌলিক গল্প সংকলন ৷ প্ৰকাশৰ অপেক্ষাত থকা তেওঁৰ কেইখনমান কিতাপ হ’ল ৰাভা লোক কথা সংগ্ৰহ ‘লেচেৰি বুটলা সাধু’, দেৱদত্ত পট্টনায়কৰ ‘মাই গীতা’ আৰু লেফটেনেণ্ট জেনেৰেল সতীশ দুৱাৰ আত্মজীৱনী ‘ইণ্ডিয়াজ ব্ৰেভহাৰ্ট’ৰ অনুবাদ ৷
‘মোবাইল ডাষ্টবিন’ ধাৰণা জনপ্ৰিয় কৰি তোলা ৰাজেশ দত্তবৰুৱাক তেওঁৰ সামাজিক কামৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে ৷ পৃথিৱীৰ বায়ুমণ্ডলত অত্যধিক কাৰ্বন ডাই অক্সাইড বা কাৰ্বন ফুটপ্ৰিণ্ট প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্গমনৰ বাবে হোৱা পৰিবেশৰ ক্ষতিৰ সজাগতা বৃদ্ধিৰ বাবে যোৱা ২০১২ চনৰ পৰা কাম কৰি অহা দত্তবৰুৱা আজি পৰিৱেশ কৰ্মী হিচাপে পৰিচিত ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/91fuh1by/Rajesh-Duttabaruah.jpg)
একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা হ’ব পৰা সমস্যাৰ বিষয়েও তেওঁ কাম কৰি প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে ৷ অসমৰ নদীসমূহৰ প্ৰদূষণ ৰোধ, অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী শিহু সংৰক্ষণ, সাপ উদ্ধাৰ আৰু সাপৰ বিষয়ে সজাগতা, হাতী মানুহৰ সংঘাত প্ৰশমন আদি বিভিন্ন পৰিৱেশ সজাগতামূলক কামৰ লগতো তেওঁ গভীৰভাৱে জড়িত ৷
সত্ৰীয়া নৃত্য আৰু এই দিশৰ গবেষণাৰ বাবে গোলোক সন্মানৰ বাবে নিৰ্বাচিত ডঃ বাবুৰাম শইকীয়াই সত্ৰীয়া নৃত্য পৰিবেশনত বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰাৰ লগতে ফ্ৰান্স, জাৰ্মানী, বেলজিয়াম, ছুইজাৰলেণ্ড, পৰ্তুগাল, ইষ্টোনিয়া, ভূটান, বাংলাদেশ আদি ৰাষ্ট্ৰৰ লগতে ভাৰতৰ আন কেইবাখনো ৰাজ্যত সত্ৰীয়া সংস্কৃতি বিষয়ক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু ভাগ লৈ আহিছে ৷ ইষ্ট’নিয়াৰ টাৰ্টু বিশ্ববিদ্যালয়ৰ সংস্কৃতি গৱেষণা প্ৰতিষ্ঠানৰ পৰা লোককথাত পি এইচ ডি ডিগ্ৰী লাভ কৰা ডঃ শইকীয়াই আমেৰিকাৰ ইলন বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ ৰিলিজিয়ন, কালচাৰ এণ্ড ছ’চাইটি, আয়াৰলেণ্ডৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় আদি প্ৰতিষ্ঠানত অতিথি আন্তঃৰাষ্ট্ৰীয় পণ্ডিত হিচাপে কাম কৰি আহিছে ৷
অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এখন গাম্ভাৰ্যপূৰ্ণ সভাত এই সন্মান প্ৰদান কৰা হ’ব ৷ উল্লেখ্য যে গোলোক সম্মানৰ প্ৰতীক চিহ্ন আৰু স্মাৰকৰ আৰ্হি প্ৰস্তুত কৰিছে কলকাতাৰ প্ৰখ্যাত শিল্পী সৌৰীশ মিত্ৰই আৰু স্মাৰক কেইটিৰ নিৰ্মাণ কৰিছে অসমৰ প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বিজু দাসে।
Also Read: দ্বিতীয় টেষ্টৰ পূৰ্বে বিৰাট কোহলিকলৈ চিন্তিত মেনেজমেন্ট