নাগৰিকত্ব আইন সন্দৰ্ভত কেন্দ্ৰৰ শেহতীয়া নিৰ্দেশনাক লৈ উত্তাল ৰাজ্য

প্ৰতীকি ফটো
প্ৰতীকি ফটো
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশৰ ৭খন ৰাজ্যৰ ১৬খন জিলাৰ উপায়ুক্তসকলক হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী, খ্ৰীষ্টিয়ান লোকক নাগৰিকত্ব প্ৰদান সম্পৰ্কীয় বিচাৰধীন গোচৰ নিস্পত্তি কৰি ডিচেম্বৰৰ ভিতৰত নাগৰিকত্ব আইন-১৯৫৫ আৰু ২০১৬ চনৰ অধিসূচনাৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দিয়া নিৰ্দেশক লৈ ৰাজ্যত সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ।

উক্ত নিৰ্দেশনাত সন্নিৱিষ্ট ৰাজ্যসমূহত অসমৰ নাম নাই যদিও এয়া অসমত বঙালী হিন্দুক নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়াৰ আৰম্ভণি বুলি বিভিন্ন মহলে অভিমত ব্যক্ত কৰিছে। চৰকাৰৰ এনে পদক্ষেপৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৬০ টা জাতি-জনগোষ্ঠায় সংগঠনে চৰকাৰক সকীয়নি প্ৰদান কৰিছে। চৰকাৰৰ এনে সিদ্ধান্তক লৈ সংবাদ মেল সম্বোধন কৰি ৬০ টা সংগঠনৰ নেতৃবৃন্দই কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

সংবাদ মেলত ৩ নৱেম্বৰত জাতীয় অস্তিত্ব ৰক্ষাৰ সংকল্প বৈঠক অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে সংগঠন কেইটাই। এই অনুসৰি ৩০ অক্টোবৰৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেওঁলোকে ৩০ লাখ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব। যি সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আলোচনা হৈ আছে, অধিসূচনা জাৰি হোৱা নাই তথা সংসদৰ মজিয়াতো বিল পাছ হোৱা নাই, এনে সময়ত হিন্দু বাংলাদেশীক নাগৰিত্ব প্ৰদানৰ বিষয়টোক সহজ ভাৱে ল'ব পৰা নাই কৃষক নেতাগৰাকীয়ে। তেওঁৰ মতে এয়া অসমৰ বাবে অশনি সংকেত। বিজেপি-আৰ এছ এছৰ অসম বিৰোধী এজেণ্ডাৰ বিৰুদ্ধে সমগ্ৰ অসমীয়া জাতিক জাগ্ৰত হোৱাৰ আহ্বান জনায় কৃষক নেতা অখিল গগৈয়ে।

ইফালে শনিবাৰে আন এখন সংবাদ মেল সম্বোধন কৰি খিলঞ্জীয়া মঞ্চ অসমৰ নেতা মৃণাল হাজৰিকাই চৰকাৰক কঠোৰ সকীয়নি দিয়াৰ লগতে ২৬ টাকৈ হিন্দু বঙালী সংগঠনৰ সমাৱেশ বন্ধ কৰিবৰ বাবে চৰকাৰক দাবী জনায়। জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে গণতান্ত্ৰিক পন্থাক অমান্য কৰাৰ পৰনতিয়ে সশস্ত্ৰ বিপ্লৱৰ সূচনা কৰিব বুলি দোহাৰি মৃণাল হাজৰিকাই কয় যে নামঘৰত ধূপ-চাকি জ্বলালেই জাতি ৰক্ষা নহয়, ইয়াৰ বাবে সংগ্ৰাম আৰু শক্তি অনিবাৰ্য।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যইও কেন্দ্ৰীয় চৰকাৰৰ এদেও দুদেও লোটা নিয়াৰ চেও কৌশল অৱলম্বনেৰে ৭ ৰাজ্যৰ ১৬ জিলাত বিভিন্ন দেশৰ নাগৰিক তথা অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ বাবে নিৰ্দেশনা দিয়া বুলি কৈ কয় যে জাতিৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত আছু সদায় থিয় দিব। তেওঁ লগতে কয় যে, জাতিৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত আছুৱে পূৰ্বেও সুদৃঢ় ভুমিকা লৈ আহিছে আৰু আজিও সেই স্থিতি অটুত থকাৰ লগতে পৰৱৰ্তী সময়তো আছুৱে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি যাব।

ইফালে বৰাক উপত্যকাৰ হিন্দু বহালী সংগঠনৰ একাংশই মৃণাল হাজৰিকাৰ বক্তব্যৰ আঁত ধৰি অতি প্ৰৰোচনামূলক বক্তব্যৰে ৰাজ্যৰ পৰিস্থিতি উত্তাল কৰি তুলিছে। এখন সংবাদ মেলত কোৱা হৈছিল যে, মৃণাল হাজৰিকাৰ সাহস আছে যদি এজন বঙলাীৰ গাত হাত দি চাওক।

ইফালে, এই বক্তব্যৰ প্ৰত্যুত্তৰত যুযুধান হৈ মৃণাল হাজৰিকাই বৰাক উপত্যকাৰ হিন্দু বঙালী লোকসকলক ৰক্তাক্ত পৰিৱেশৰ সূচনা নকৰিবলৈ সকীয়নি দিয়ে। আনহাতে বিশিষ্ট চিন্তাবিদ ড০ হীৰেণ গোঁহাইও ৭ খন ৰাজ্যৰ ১৬ খন জিলাত নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰীয় গৃহ দপ্তৰৰ নিৰ্দেশ সন্দৰ্ভত বক্তব্য ৰাখি এয়া অসাংবিধানিক আখ্যা দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in