/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/Dr-S-Swamy.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা সন্দেহজনক লোকসকলৰ বিৰুদ্ধে স্থানীয় এনজিঅ' তথা অন্যান্য দল-সংগঠনসমূহক অভিযোগ দাখিল কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা দলৰ জ্যেষ্ঠ নেতা সুব্ৰমনিয়ান স্বামীয়ে।
শনিবাৰে গুৱাহাটীত এখন সভাত ভাগ লৈ সততে বিৰ্তকত থাকি ভাল পোৱা নেতাগৰাকীয়ে কয়, 'অসমৰ থলুৱা লোকসকল সজাগ হ'বৰ হ'ল। নহ'লে ভয়ানক বিপদত আহি আছে। এই বিপদৰ পৰা হাত সাৰিবলৈ এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা বাংলাদেশীসকলৰ বিৰুদ্ধে দল-সংগঠনসমূহে অভিযোগ দাখিল কৰিব লাগিব।'
ভাৰত এখন হিন্দু ৰাষ্ট্ৰ বুলিও দাবী কৰে বিজেপি নেতাগৰাকীয়ে। তেওঁ কয় যে বাংলাদেশৰ হিন্দুসকলক ভাৰতে আশ্ৰয় দিবই লাগিব, কিয়নো তাত তেওঁলোক নিৰ্যাতনৰ বলি হৈছে।
জিএছটি আৰু বিমুদ্ৰাকৰণক লৈয়ো মন্তব্য কৰে স্বামীয়ে। 'জিএছটি আৰু বিমুদ্ৰাকৰণে দেশবাসীক উপকৃত কৰিলেহেতেন। কিন্তু এয়া ভালদৰে কাৰ্যকৰী নহ'ল। কিছুমান আসোঁৱাহ ৰৈ গ'ল।'-২০১৯ত বিজেপিয়ে পুনৰ বৃহৎ বিজয়ৰে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰি এই মন্তব্য কৰে নেতাগৰাকীয়ে।
দীপাৱলীৰ পূৰ্বেই অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হ'বই বুলিও তেওঁ দাবী কৰে। 'মুছলমানসকলে য'তে-ত'তে নামাজ পঢ়িব পাৰে। কিন্তু ভগৱান ৰামৰ জন্মস্থান এখনেই আৰু তাতেই নিৰ্মাণ কৰা হ'ব ৰাম মন্দিৰ।'-স্বামীয়ে কয়।