শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত "বৰেণ্য" শীৰ্ষক বিশেষ অনুষ্ঠান ৰূপায়ণ

শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত "বৰেণ্য" শীৰ্ষক বিশেষ অনুষ্ঠান ৰূপায়ণ

author-image
Asomiya Pratidin
New Update
শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত "বৰেণ্য" শীৰ্ষক বিশেষ অনুষ্ঠান ৰূপায়ণ

ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটীত শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত ৩০জুনত বৰেণ্য শীৰ্ষক এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বৰেণ্য ৰ পৰ্ব-১ৰ মধ্যমণি হিচাপে অংশ লয় সাহিত্য,সংস্কৃতি আৰু বিদ্যায়তনিক ক্ষেত্ৰত অতুলনীয় বৰঙণি আগবঢ়োৱা ডঃ প্ৰদীপজ্যোতি মহন্তই। ফাউণ্ডেশ্যনৰ পৰিচালন ন্যাসৰক্ষী ভাস্কৰজ্যোতি মহন্তই আঁত ধৰা এক মনোগ্ৰাহী কথোপকথনত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই প্ৰদীপজ্যোতি মহন্তই।

Advertisment

সভাত প্ৰদীপজ্যোতি মহন্তই কয় যে, আৰ্থ-সামাজিক বাতাবৰণৰ পৰিৱৰ্তনৰ বাবে কিছুমান আত্মস্বাৰ্থ জড়িত আৰু সামন্তযুগীয় চিন্তা,অনুশীলনৰ সৃষ্টি হৈছে। ইয়াৰ ফলত নামঘৰ তথা সত্ৰসমূহত পালন কৰিবলগীয়া কৰ্তব্য আৰু দায়িত্বৰ ক্ষেত্ৰত কিছু বিজুতি ঘটিছে। উঠি অহা চামে এইসমূহ ঠিক কৰিব লাগিব।

আনহাতে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী ডঃ মিলন নেওগ মূল বক্তা হিচাপে উপস্থিত থকা এই অনুষ্ঠানত ভাৰ্ছুৱেলি অংশ লৈ ড° প্ৰদীপজ্যোতি মহন্তৰ অৱদান আৰু ব্যক্তিত্ব সম্পৰ্কে বক্তব্য আগবঢ়াই সাহিত্য অকাডেমীৰ সচিব ডঃ কে এছ ৰাও,আছাম ৰয়েল গ্লোবেল ইউনিভাৰ্ছিটীৰ উপাচাৰ্য এছ. পি. সিং,আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কলা সমালোচক আৰ্ছিয়া ছেঠি,অৱসৰপ্ৰাপ্ত আই এছ বিষয়া হিমাংশু শেখৰ দাস আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ মুৰব্বী জুৰী গগৈ কোঁৱৰে।

কেউগৰাকী বক্তাই ড° প্ৰদীপজ্যোতি মহন্তই সাহিত্য,সংস্কৃতি আৰু বিদ্যায়তনিক ক্ষেত্ৰলৈ আগবঢ়োৱা বিস্ময়কৰ অৱদানৰ কথা একেমুখে স্বীকাৰ কৰে। লগতে শংকৰদেৱ অধ্যয়ন আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সত্ৰীয়া নৃত্য-গীতৰ প্ৰসাৰৰ ক্ষেত্ৰত তেখেতৰ যুগান্তকাৰী ভূমিকাৰ বিষয়ে উল্লেখ কৰে।

সত্ৰীয়া নৃত্যই সৰ্বভাৰতীয় স্বীকৃতি লাভৰ আঁৰত থকা ড° প্ৰদীপজ্যোতি মহন্তৰ ভূমিকাৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে অৱসৰপ্ৰাপ্ত আই এছ বিষয়া হিমাংশু শেখৰ দাসে।

Also Read: কৃষ্ণাইত অসমীয়া প্ৰতিদিন কাকতৰ টোপোলা চুৰি

sri mant foundation program