ডিজিটেল ডেস্কঃ শিল্পী তুমি তিনিও কালৰ। অতীত,বৰ্তমান আৰু ভৱিষ্যতৰ। সংগীতে হেনো নিগৰাই লৈ আনে স্বৰ্গীয় সুখ-সুধা। ৮০ৰ দশকতেই গুৱাহাটীত স্থাপন হৈছিল এটি সংগীত ষ্টুডিঅ'। নাম অ'ডিটেক।
যশস্বী সংগীত পৰিচালক ভূপেন উজীৰে ৮০ৰ দশকতেই গুৱাহাটী মহানগৰীৰ মাজ মজিয়া গীতানগৰত সাজি উলিয়াইছিল এই ষ্টুডিঅ'টি। অ'ডিটেকত বলিউদৰ চনু নিগম,শ্বান,উদিত নাৰায়ণ আদিৰ উপৰিও সংগীত পৰিচালকগৰাকীৰ পত্নী তথা বিশিষ্ট কণ্ঠশিল্পী শান্তা উজীৰ, জুবিন গাৰ্গকে ধৰি ভালেসংখ্যক অসমৰ কণ্ঠশিল্পীয়ে তেওঁলোকৰ গীতসমূহ বাণীবদ্ধ কৰিছিল। তাৰোপৰি ভূপেন উজীৰৰ সংগীত পৰিচালনাত উক্ত শিল্পীসকলে গীত গাইছিল।
এইগৰাকী নমস্য সংগীত শিল্পী তথা তেওঁৰ পত্নী শান্তা উজীৰকলৈ নেমকেয়াৰ হাস্পতালৰ বিশেষ আয়োজন 'স্মৃতিৰ এখিলা পাত' শীৰ্ষক অনুষ্ঠান। এই অনুষ্ঠানটি নেমকেয়াৰ হাস্পতাল তথা সঞ্চালক-সংগীত পৰিচালক ডা০ হিতেশ বৰুৱাৰ উদ্যোগত ৩জুন শনিবাৰে ডা০ জ্ঞানদীপ নাথ আৰু বিশিষ্ট শিল্পী কুল বৰুৱাৰ স্মৃতিত গুৱাহাটীস্থিত জিলা পুথিভঁৰালত শীৰ্ষক অনুষ্ঠানটি আয়োজন কৰে।
অনুষ্ঠানটিৰ মূল উদ্দেশ্য অসমৰ শিল্পীসকলৰ মত বিনিময়ৰ মাজেৰে তেওঁলোকৰ মনৰ কথা ভাগ বতৰা কৰা। এই মহান উদ্দেশ্য সন্মুখত ৰাখি নেমকেয়াৰ হাস্পতালে এইবৰ্ষত ভূপেন উজীৰ আৰু শান্তা উজীৰকলৈ অনুষ্ঠানটিৰ আয়োজন কৰে।
জিলা পুথিভঁৰালত আয়োজিত অনুষ্ঠানটিত পোনতে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। ইয়াৰ পাছতে সঞ্চালক তথা সংগীত শিল্পী ডা০ হিতেশ বৰুৱাই এটি গীতেৰে শিল্পী দম্পতিক মঞ্চলৈ আমন্ত্ৰণ জনায় আৰু দুয়োগৰাকী শিল্পীক উদ্যোক্তাসকলে আদৰি নিয়ে।
মঞ্চত শিল্পী দম্পতিক হাস্পতাল কৰ্তৃপক্ষৰ ফালৰ পৰা গামোচা,ফুলৰ থোপা আদিৰে উষ্ম আদৰণি জনায়। প্ৰতিভাৱান অভিনেত্ৰী অমৃতা গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত দুয়োগৰাকী শিল্পীৰ মনৰ কথা জানিবলৈ এক প্ৰয়াস চলোৱা হয়।
অন্তৰংগ আলাপ অনুষ্ঠনটিত উপস্থিত থাকি দুয়োগৰাকী শিল্পীয়ে বিভিন্ন কথাৰে অনুষ্ঠানটি ৰসাল কৰি তোলে। অৱশ্যে অতীতৰ কিছু কথা সুঁৱৰি দুয়ো আবেগিক হৈ পৰে।
অন্তৰংগ আলাপ অনুষ্ঠানটিত শান্তা শৰ্মাৰ পৰা শান্তা উজীৰ হোৱালৈ,গৌহাটী বিশ্ববিদ্যায়ৰ ছাত্ৰীৰ পৰা কণ্ঠশিল্পী হোৱালৈ আৰু ভূপেন উজীৰৰ যোৰহাটত থকা সময়ৰ পৰা অ'ডিটেকৰ জন্মলৈকে বিভিন্ন কথাৰে অনুষ্ঠানটি জীপাল কৰি তোলে।
অতীতৰ কথা সুৱঁৰি সংগীত পৰিচালকগৰাকীয়ে কয় যে, তেওঁৰ সংগীতৰ আৰম্ভণি হৈছিল এটি গীটাৰৰ প্ৰেমত পৰি। গীটাৰ তেওঁ নিজ হাতে নিৰ্মাণ কৰি শিকিবলৈ লয়। ইয়াৰ পাছত তেওঁ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত পঢ়িবলৈ লয় আৰু তাৰ পাছতে ভাৰত চৰকাৰৰ খাদ্য নিগম বিভাগত চাকৰি কৰে।
অৱশ্য সংগীতৰ সাত সুৰে যেতিয়া তেওঁক হাত বাউল দি মাতিলে তেতিয়া আৰু তেওঁৰ চাকৰি কৰা নহ'ল। মাত্ৰ এমাহৰ দৰমহা লৈ তেওঁ চাকৰি এৰি গুচি আহে। চাকৰি এৰাৰ পাচতে তেওঁ ১৯৮৪ চনত দেৱী কথাছবিৰ যোগেদি সংগীত পৰিচালনাত প্ৰথম খোজ দিয়ে।
ইয়াৰ পাছত তেওঁ জীৱন সুৰভি,পূজা,প্ৰতিদান,বুকুৰ মাজত জ্বলে আদি ভালেসংখ্যক কথাছবিত সংগীত পৰিচালনা কৰি অসমীয়া সংগীতক এক সুকীয়া মাত্ৰা প্ৰদান কৰে। তাৰ মাজতো বহু তিক্ত অভিজ্ঞতাৰ কথা সুঁৱৰি তেওঁ কিছু পৰৰ বাবে আবেগিক হৈ পৰে।
গীত আৰু কথাৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটিত অসমৰ ভালেসংখ্যক শিল্পীয়ে তেওঁ সৃষ্টি কৰা অথবা সংগীত পৰিচালনা কৰা গীতসমূহ শিল্পী দম্পতিৰ সন্মুখত পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। মনিষা হাজৰিকা,ডা০ অঞ্জনজ্যোতি চৌধুৰী,মালবিকা বৰা,জুবিন গাৰ্গ,দিক্ষু,প্ৰিয়ংকা ভড়ালী,নাহিদ আফ্ৰিন,কল্লোল বৰঠাকুৰ,দীপলিনা ডেকা,ৰূপম ভূঞা,জুবলি বৰুৱা আদিয়ে অনুষ্ঠানত গীত পৰিবেশন কৰে।
আনহাতে,সামগ্ৰীকভাৱে নয়ন প্ৰসাদে আঁত ধৰা অনুষ্ঠানটিত এইসকল শিল্পীৰ উপৰিও হাস্পতালখনৰ চিকিৎসক,নাৰ্ছ,সাংবাদিক,বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখ্য যে, নেমকেয়াৰ হাস্পতালে ২০০৯ চনৰ পৰা বিভিন্ন শিল্পীক লৈ 'স্মৃতিৰ এখিলা পাত' শীৰ্ষক অনুষ্ঠানটি অনুষ্ঠিত কৰি আহিছে। অৱশ্যে বিগত ৫টা বছৰে কোভিড আৰু আনুসংগিক কাৰণত শীৰ্ষক অনুষ্ঠানটি অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।