/asomiyapratidin/media/media_files/2024/11/14/EARy8QTUxnNAycAGHMHk.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি চুণচালী প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰাৰ লগতে বাৰ্ষিক খেল ধেমালী, গীত-মাত,কুইজ, সাধুকোৱা আৰু অন্যান্য প্ৰতিযোগিতা সমূহৰ পুৰস্কাৰ সমুহ বিতৰণ কৰাৰ লগতে শ্ৰেষ্ঠ সমাজ সেৱা,শ্ৰেষ্ঠ নিয়মানুবৰ্তিতা, শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰীৰ বটা সমুহো বিতৰন কৰা হয়।সভাৰ আৰম্ভণিতে উপষ্ঠিত বিশিষ্ট ব্যক্তি সকলে প্ৰাক্তন প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে আৰু পূষ্পাণজলি প্ৰদান কৰে।
বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ এটা প্ৰাৰ্থনাৰে আৰম্ভ হোৱা সভাত উপস্থিত থকা ব্যাক্তি সকলৰ ভিতৰত দৈনিক জনমভূমি কাকতৰ সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, কবি সাংবাদিক অৰুন মহন্ত, সমাজ সেৱক তথা বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ৰাম অবতাৰ প্ৰসাদ,প্ৰাক্তন প্ৰধান শিক্ষক মহেন্দ্ৰ মোহন মেধি,সমাজ সেৱক নিকুঞ্জ দাস, বৃন্দাবন তালুকদাৰ ইত্যাদি। সভাখনত সভাপতিত্ব কৰা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হেমন্ত ভাগৱতীয়ে সকলোকে আদৰণী জনাই আৰু বিদ্যালয়ৰ ফালৰ পৰা একোখনকৈ ফুলাম গামোচাৰে সম্ভাষন জনোৱা হয়।
সকলো বক্তাই শিশু সকলক উদেশ্য কৰি গঠনমূলক পৰামৰ্শ আগবঢ়াই। অভিভাৱক সকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কেও বক্তব্য ৰাখে। চুনচালী প্ৰাথমিক বিদ্যালয়ৰ এখন তোৰন নিৰ্মাণৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দাতা পৰিয়ালৰ ফালৰ পৰা ৰাম আবতাৰ প্ৰসাদে আজি সভাতেই তোৰন নিৰ্মাণৰ বিষয়টো আনুষ্ঠানিক ভাবে ঘোষণা কৰে।
ছাত্ৰ ছাত্ৰী সকলৰ গীত মাত নৃত্যই অনুষ্ঠানটি অধিক মধুৰ কৰি তোলে। ছাত্ৰ ছাত্ৰী সকলৰ বাবে লঘু আহাৰৰ ব্যাৱস্থা কৰা গুৱাহাটী শোধনাগাৰ এচ বি আই শাখাৰ মূখ্য প্ৰবন্ধক মনোজ কুমাৰ ডাঙৰীয়াক বিষেশ ভাবে ধন্যবাদ জনোৱা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক অমূল্য কুমাৰ দাস,সহ শিক্ষয়িত্ৰী সপ্না বৰাই বটা বিতৰনী অনুষ্ঠান পৰিচালনা কৰে। শলাগৰ শৰাই আগবঢ়াই সোঁনালী শইকীয়া। শতাধিক ছাত্ৰ ছাত্ৰী,অভিভাৱক অভিভাবিকাৰ উপস্থিতিয়ে সভা খন সাফল্য মন্দিত কৰি তোলে।