Sitaram Yechury: গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত সীতাৰাম য়েছুৰীৰ স্মৰণ সভা...

গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত সীতাৰাম য়েছুৰীৰ স্মৰণ সভা...

author-image
Asomiya Pratidin
New Update
Sitaram Yechury: গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত সীতাৰাম য়েছুৰীৰ স্মৰণ সভা...

ডিজিটেল সংবাদ, গুৱাহাটীঃ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আজি গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত ভাৰতৰ বাওঁ-গণতান্ত্ৰিক আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা, ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সম্পাদক সীতাৰাম য়েচুৰীৰ স্মৰণ সভা অনুষ্ঠিত হয়।

সভাত ৰাজ্যিক সভানেত্ৰী স্বৰ্ণলতা দাসে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পঢ়া কালত জ্যেষ্ঠ সতীৰ্থ আৰু ছাত্ৰ নেতা হিচাপে পোৱাকালৰ কথা উল্লেখ কৰি য়েছুৰীৰ ব্যক্তিত্বৰ বিভিন্ন দিশ বিস্তৃতভাৱে আলোচনা কৰে। তেওঁ কয় যে বিশেষকৈ তুলনামূলকভাৱে পিছপৰা অঞ্চলৰ পৰা দিল্লীলৈ গৈ শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সীতাৰাম য়েছুৰী এক ডাঙৰ সাহস আছিল।

সভাত মৈত্ৰেয়ী মিশ্ৰ, আৰতী দেৱান , সবিতা লহকৰ, ৰত্না দেব আৰু সীমা বিশ্বাসে য়েছুৰীৰ ব্যাক্তিত্বৰ বিভিন্ন দিশত আলোকপাত কৰি নেতাগৰাকীৰ মৃত্যুৱে ভাৰতৰ বাওঁ-গণতান্ত্ৰিক আন্দোলনক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰা বুলি উল্লেখ কৰে।

সীতাৰাম য়েছুৰী