সদৌ অসম আহোম সভাৰ কামৰূপ জিলা সমিতিৰ আলোচনা চক্ৰ

অসমৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া বিশেষ আলোচনা চক্রখন পুৱা ৯.৩০ বজাৰ পৰা আবেলি ৩ বজালৈ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ সদৌ অসম আহোম সভাৰ বৃহত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ১২ অক্টোবৰ, দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে খানাপাৰাত ঔদ্যোগিক আৰু সেৱা খণ্ডত যুৱক-যুৱতীসকলৰ স্ব-নিয়োজনৰ সম্ভাৱনীয়তা শীর্ষক এখনি আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। 

অসমৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া বিশেষ আলোচনা চক্রখন পুৱা ৯.৩০ বজাৰ পৰা আবেলি ৩ বজালৈ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, দীপক গগৈয়ে সভাপতিত্ব কৰা তত্বগধুৰ আলোচনা চক্ৰখনিত গুৱাহাটীৰ বিভিন্ন শিক্ষানুস্থানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব।

কামৰূপ