শিক্ষানুষ্ঠানতো সুৰক্ষিত নহয় নেকি ছাত্ৰীসকল?

গুৱাহাটী মহানগৰীৰ এখন শৈক্ষিক প্ৰতিষ্ঠানত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গুৱাহাটীৰ এটা ছাত্ৰী নিবাসৰ বাথৰুমত উদ্ধাৰ হয় গোপন কেমেৰা।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-25 at 7.04.45 PM

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ এখন শৈক্ষিক প্ৰতিষ্ঠানত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গুৱাহাটীৰ এটা ছাত্ৰী নিবাসৰ বাথৰুমত উদ্ধাৰ হয় গোপন কেমেৰা। জালুকবাৰীস্থিত টাটা সমাজ বিজ্ঞান প্ৰতিষ্ঠানত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। চাবোনৰ পেকেটত দুৰ্বৃত্তই গোপনে সংস্থাপিত কৰিছিল গোপন কেমেৰা। এই ঘটনাৰ পাছতেই প্ৰতিষ্ঠানখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

WhatsApp Image 2026-02-25 at 7.00.55 PM

ঘটনাৰ বিৱৰণী মতে, আজি পুৱা প্ৰায় ৯ বজাত টাটা ইনষ্টিটিউট অৱ ছচিয়েল ছায়েন্সৰ হোষ্টেলৰ ছাত্ৰীয়ে বাথৰুমৰ ভিতৰত এই গোপন কেমেৰা প্ৰত্যক্ষ কৰে। চাবোনৰ পেকেটটো খুলি চাওঁতে ধৰা পৰে কেমেৰাৰ অৱস্থিতি। এই ঘটনাৰ পাছত কেমেৰাটো উদ্ধাৰ কৰি পৰীক্ষা কৰাত কেমেৰাত ধৰা পৰে ৫ দিনৰ দৃশ্য। ঘটনাস্থলীত উপস্থিত হৈছে ফৰেণছিকৰ দল। এই ঘটনাই ছাত্ৰীনিবাসটোৰ শিক্ষাৰ্থীসকলৰ নিৰাপত্তা আৰু গোপনীয়তা ৰক্ষাক লৈ গভীৰ প্ৰশ্নৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। কোনে ছাত্ৰী নিবাসৰ বাথৰুমত এইদৰে গোপন কেমেৰা সংস্থাপন কৰিলে তাৰ অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে।

জালুকবাৰী