Advertisment

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত চেনেহী বেগমৰ স্মৃতিচাৰণ অনুষ্ঠান...

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা ইতিহাস বিভাগৰ মুৰব্বী চেনেহী বেগমৰ ৫ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে মহাবিদ্যালয়খনত এক বিশেষ কার্যসূচী অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
dnsa

ডিজিটেল ডেস্কঃ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা ইতিহাস বিভাগৰ মুৰব্বী চেনেহী বেগমৰ ৫ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে মহাবিদ্যালয়খনত এক বিশেষ কার্যসূচী অনুষ্ঠিত হয়।

Advertisment

চেনেহী বেগম স্মৃতি ৰক্ষ্য সমিতি, ইতিহাস বিভাগ, আৰু মহাবিদ্যালয়খনৰ এন চি চি ইউনিটৰ যৌথ উদ্যোগত আয়োজিত হয় এই অনুষ্ঠান। ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ খুজুন বর্মনে ভ ধৰা এই অনুষ্ঠানত বস্তি প্রজ্বলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ৰজিত শর্মাই।

এই অনুষ্ঠানত প্রাক্তন ছাত্রী আৰু অধ্যাপক সকলে সন্দিকৈ ছোৱালী মহাবিদ্যালয়খন আৰু শিক্ষাৰ ক্ষেত্ৰখনলৈ চেনেহী বেগমৰ অমূল্য অৱদানৰ ওপৰত আলোকপাত কৰি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই অনুষ্ঠানতে মহাবিদ্যালয়খনৰ ইতিহাস বিভাগৰ ছাত্ৰী সকলে প্রস্তুত কৰি উলিওৱা ই-আলোচনী 'হিষ্টৰিয়াৰ' প্রথম খণ্ডটো উন্মোচন কৰে গৌহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন মুৰব্বীছাত্রী আৰু অধ্যাপক সকলে সন্দিকৈ ছোৱালী মহাবিদ্যালয়খন আৰু শিক্ষাৰ ক্ষেত্ৰখনলৈ চেনেহী বেগমৰ অমূল্য অৱদানৰ ওপৰত আলোকপাত কৰি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

এই অনুষ্ঠানতে মহাবিদ্যালয়খনৰ ইতিহাস বিভাগৰ ছাত্ৰী সকলে প্রস্তুত কৰি উলিওৱা ই-আলোচনী 'হিষ্টৰিয়াৰ' প্রথম খণ্ডটো উন্মোচন কৰে গৌহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা ড. নীতা ডেকাই। ইয়াৰ পিছতে প্রথম চেনেহী বেগম সোঁৱৰণী বার্ষিক বক্তৃতা প্ৰদান কৰে অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড. মীতা মীতা ডেকাই।

অদৃশ্য লোককলা আৰু অসমৰ নাৰীৰ ইতিহাস' (Intangible Folk Art and Women's History of Assam) শীর্ষক বক্তৃতাত অধ্যাপিকা ড. ডেকাই অসমৰ সাংস্কৃতিক আৰু ঐতিহাসিক আখ্যান গঢ় দিয়াত নাৰীৰ সততে অৱহেলিত ভূমিকা সম্পর্কে আলোকপাত কৰে আৰু নাৰীৰ ইতিহাসৰ পুনর্গঠনত মৌখিক পৰম্পৰা, লোকপ্ৰথা আৰু অদৃশ্য ঐতিহ্যৰ তাৎপৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সন্দিকৈ ছোৱালী মহাবিদ্যালয়