হঠাৎ ক’ত ড০ সমুজ্জল ভট্টাচাৰ্য…

হঠাৎ ক’ত ড০ সমুজ্জল ভট্টাচাৰ্য…

ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্য যোৱা দুদিন ধৰি উপস্থিত নাই দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত। সাধাৰণতে এনে গুৰুত্বপূৰ্ণ বৈঠকত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা সমুজ্জল ভট্টাচাৰ্যৰ এই অনুপস্থিতিৰ সন্দৰ্ভত খবৰ লোৱাত জানিব পৰা গল অসুস্থ হৈ ঘৰতে আছে ভট্টাচাৰ্য।

দুয়োটা মোবাইল বন্ধ কৰি থোৱা বাবে তেওঁৰ সৈতে প্ৰত্যক্ষ যোগাযোগ সম্ভৱ নহল যদিও, এক ঘনিষ্ঠ সূত্ৰৰ মতে, সমুজ্জল ভট্টাচাৰ্য যোৱা ১০ দিন ধৰি জ্বৰ-পানী লগা আৰু শাৰীৰিক দুৰ্বলতাত অসুস্থ হৈ আছে।

এতিয়ালৈকে অৱশ্যে ভট্টাচাৰ্যই কোভিড-১৯ৰ পৰীক্ষা কৰা নাই। তেওঁক চিকিৎসকৰ জৰিয়তে ঘৰতে চিকিৎসা কৰি থকা বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে, কোভিডৰ সংক্ৰমণৰ মাজতে ১০ দিন ধৰি অসুস্থ হৈ থকা সমুজ্জল ভট্টাচাৰ্যৰ ঘৰত আছে ৯৩ বছৰ গৰকা তেওঁৰ মাতৃও। অৱশ্যে ৰাজহুৱা অনুষ্ঠানৰ পৰা আতৰি থকাৰ লগতে ভট্টাচাৰ্যই ঘৰত হোম আইছলেশ্যনত থকাৰ দৰে অকলশৰীয়াকৈ আছে বুলিও জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in