/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/sadin.jpg)
ডিজিটেল ডেস্কঃ দেশজুৰি কোৰোনাৰ বিভীষিকা, সকলো সময়তে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ চৰকাৰে প্ৰতি মূৰ্হূততে কৰিছে আহ্বান। লকডাউনৰ সময়চোৱাত দেশৰ অৰ্থনীতিৰ ব্যাপক ক্ষতি হৈছে। বন্ধ হৈ আছে প্ৰায়বোৰ ক্ষেত্ৰৰ উদ্যোগ। কিন্তু ইয়াৰ মাজতে গুৱাহাটীৰ এগৰাকী বস্ত্ৰ উদ্যোগীয়ে সেৱাৰ মানসিকতাৰে কৰি আছে এক প্ৰশংসনীয় কাম।
গুৱাহাটীৰ চাৰনাৱাজ হুচেইন নামৰ এগৰাকী যুৱ বস্ত্ৰ উদ্যোগীয়ে লকডাউনৰ সময়ত জৰুৰীকালীন সেৱাৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক বিগত প্ৰায় ১ মাহ ধৰি যোগান ধৰি আহিছে বিনামূলীয়া মাস্ক। ভেলেনচ ভিৰগ' নামৰ এটা বস্ত্ৰ উদ্যোগৰ গৰাকী হুচেইনে মাস্কৰ নাটনি হোৱা সকলো লোককে মাস্ক যোগান ধৰাৰ কথাও ব্যক্ত কৰে। কোনো স্থানত যদি মাস্কৰ নাটনি হয়, তেতিয়া যোগাযোগ কৰিলেই ভেলেনচ ভিৰগ'ৰ ফালৰ পৰা যোগান ধৰা হয় বিনামূলীয়া মাস্ক।
অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক ব্যৱসায়ীগৰাকীয়ে জানিবলৈ দিয়ে যে, লকডাউনৰ সময়ত বাকীবোৰ কাপোৰৰ বিক্ৰী কমি যোৱাৰ বাবে বজাৰত মাস্কৰ চাহিদা আৰু প্ৰয়োজনীয়তা দেখি তেওঁলোকে মাস্ক প্ৰস্তুতকৰণৰ কাম আৰম্ভ কৰিছিল। এটা দিনৰ প্ৰায় ১২ হাজাৰকৈ মাস্ক প্ৰস্তুত কৰাৰ লগতে প্ৰতিদিনে ২ শতাধিক মাস্ক ৰাইজক বিনামূলীয়াকৈ বিতৰণ কৰা হয়। এই ক্ষেত্ৰত জৰুৰীকালীন সেৱাৰ সৈতে জড়িত ব্যক্তিৰ লগতে দৰিদ্ৰ লোকসকলক অধিক গুৰু্ত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে যুৱ ব্যৱসায়ী চাৰনাৱাজ হুচেইনে।
ইফালে ব্যৱসায়ীগৰাকীয়ে দেওবাৰে প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যালয়ত সকলো কৰ্মচাৰীকে মাস্কৰ বিতৰণ কৰাৰ পাছত সোমবাৰে সাদিন-প্ৰতিদিনৰ মুখ্য কাৰ্যালয়তো প্ৰায় ৪ শতাধিক মাস্ক কৰ্মচাৰীসকলৰ মাজত বিতৰণ কৰে। সাদিন-প্ৰতিদিন গোষ্ঠীৰ মহা প্ৰৱন্ধক মৃন্ময় দে'ই যুৱ উদ্যোগী গৰাকী পদক্ষেপক আদৰণি জনোৱাৰ লগতে কাৰ্যালয়ৰ কৰ্মচাৰীসকলক এই কোৰোনাৰ বিভীষিকাৰ সময়ত প্ৰতিৰোধমূলক মাস্ক প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।