Advertisment

চলচ্চিত্ৰ পৰিচালক ভাস্কৰ জ্যোতি দাস আৰু নাই...

বিশিষ্ট চিত্ৰনিৰ্মাতা ভাস্কৰ জ্যোতি দাস আৰু নাই। 'হাণ্ডুক', 'সোণাৰ বৰন পাখি' আৰু 'বকুল ফুলৰ দৰে' পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখক আছিল ভাস্কৰ জ্যোতি দাস।

author-image
Asomiya Pratidin
New Update
চলচ্চিত্ৰ পৰিচালক ভাস্কৰ জ্যোতি দাস আৰু নাই...

ডিজিটেল ডেস্কঃ বিশিষ্ট চিত্ৰনিৰ্মাতা ভাস্কৰ জ্যোতি দাস আৰু নাই। 'হাণ্ডুক', 'সোণাৰ বৰন পাখি' আৰু 'বকুল ফুলৰ দৰে' পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখক আছিল ভাস্কৰ জ্যোতি দাস। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫১ বছৰ। 

Advertisment

দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি থকা ভাস্কৰ জ্যোতি দাসে ৫১ বছৰ বয়সত আজি শেষ নিশ্বাস ত্যাগ কৰিলে।

ভাস্কৰ জ্যোতি দাস আছিল 'অন্তৰ্ধান' নামৰ ছবিখনৰ সহ পৰিচালক। তেওঁৰ দ্বাৰা নিৰ্মিত কেইবাখনো তথ্য চিত্ৰ কেইবাখনো ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মোহৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে প্ৰশংসিতও হৈছিল।

তেওঁৰ 'An Unknown Summer'  তথ্যচিত্ৰখন কেৰালাত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক তথ্যচিত্ৰ আৰু চুটি চলচ্চিত্ৰ মহো ৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে প্ৰশংসিত হৈছিল।

যুটীয়া ভাৱে পৰিচালনা কৰা Where Is My Home আৰু I Don't Want to be Born Again  for Poem তথ্য চিত্ৰও সৰ্বত্ৰে প্ৰশংসিত হৈছিল।  

প্ৰয়াত ভাস্কৰ জ্যোতি দাস আছিল দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ আৰু দ্বিতীয় NEFVTA জুৰীৰ সদস্য। বৰ্তমান গুৱাহাটীৰ বাসিন্দা দাসৰ জন্মস্থান আছিল টংলা। তেওঁৰ শেষকৃত্য টংলাতে সম্পন্ন হয়।

 

 

চলচ্চিত্ৰ নিৰ্মাতা চিনেমা