/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9ce4d8bf-9f65-449a-9f5f-06924b11c0e6/guwahati_08.jpg)
'মুগা দ্য গল্ডেন থ্ৰেড-সংকট আৰু আৰু সম্ভাৱনা' শীর্ষক গ্ৰন্থ উন্মোচন...
ডিজিটেল সংবাদ গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবত আজি 'মুগা দ্য গল্ডেন থ্ৰেড-সংকট আৰু আৰু সম্ভাৱনা' শীর্ষক এখনি গ্রন্থ উন্মোচন হয়। গ্রন্থখানি উন্মোচন কৰে প্রতিষ্ঠিত সাহিত্যিক শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰীয়ে।
বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰা, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈকে ধৰি কেইবাজনো নেতৃস্থানীয় লোক উপস্থিত থকা অনুষ্ঠানটোৰ আঁত ধৰে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয়ৰ ছাত্ৰী অলংকৃতা দত্তই। বিমৃসা বিমলে গুৰুজনালৈ শ্ৰদ্ধা জনাই এটি বৰগীতেৰে শুভাৰম্ভ কৰে এই গ্ৰন্থ উন্মোচনী সভা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f7f4b0d9-39e2-4fbd-a837-3cd0a80d520e/64eb17ba_fa9f_4ff0_ba98_e43918ec9e72.jpg)
অসমৰ সংস্কৃতিৰ ভেটি স্বৰূপ মুগা শিল্পক মূল বিষয় হিচাপে লৈ ৰচনা কৰা গ্ৰন্থখনিৰ লেখিকা ড০ তুলিকা বৰুৱা লখিমপুৰ জিলাৰ খেৰাজখাত মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপিকা। এই গ্ৰন্থখনিত মুগাশিল্পৰ গৌৰৱোজ্জ্বল ইতিহাসৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ত বিশ্ব বাণিজ্যত মুগাৰ গুৰুত্ব আৰু প্ৰসাৰৰ সকলো দিশ সামৰি লোৱাৰ সমান্তৰালকৈ এই শিল্প ক্ষেত্ৰখনে সন্মুখীন হোৱা সমস্যাসমূহৰ দিশসমূহ আৰু অৰ্থনৈতিক উন্নয়নৰ বিপুল সম্ভাৱনাৰ বিষয়ে ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে অন্তৰ্ভুক্ত হৈছে।
উল্লেখ্য যে, ২০০২ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত সম্পন্ন হোৱা মুগা কাপোৰৰ অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধ সম্পৰ্কীয় গৱেষণাৰ বিষয়টিৰ লগতে মুগাৰ জি আই টেগ প্ৰাপ্তিৰসকলো দিশ গ্ৰন্থখনিত সামৰি লৈছে। মুগা পলুৰ জীৱন চক্ৰক সুন্দৰভাৱে প্ৰতিফলিত কৰা এটি অৰ্থবহ বেটুপাত প্ৰস্তুত কৰিছে প্ৰতিষ্ঠিত চিত্ৰ আৰু ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0cd5dd01-d035-41bb-8713-82ce1eacb758/b996922f_5dff_46dc_8249_24bfadcbb07b.jpg)
দুটা খণ্ডত বিভক্ত গ্ৰন্থখনিত প্ৰথম খণ্ডত চোমনি স্থাপনৰ পৰা আৰম্ভ কৰি মুগা কাপোৰ ধোৱা প্ৰক্ৰিয়ালৈকে মুগাৰ লগত জড়িত পাঁচজন পাৰদৰ্শী ব্যক্তিৰ দীঘলীয়া সাক্ষাৎকাৰৰ জৰিয়তে মুগা শিল্পৰ দ্বাৰা ৰূপায়ণ কৰিব পৰা জীৱন-জীৱিকাৰ পথ সমূহৰ বিষয়েবাস্তৱ অভিজ্ঞতাৰ ভিত্তিত উপস্থাপন কৰিছে। গ্ৰন্থখনৰ আন এক উল্লেখযোগ্যে দিশ হৈছে যে, এই গ্ৰন্থখনে বৰ্তমান সময়ত পৰা অৱলুপ্তিৰ পথত থকা মেজাংকৰি শিল্পৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰিছে আৰু মেজাংকৰি উদ্ভিদত নিহিত থকা অৰ্থনৈতিক উন্নয়নৰ বিপুল সম্ভাৱনাৰ বিষয়ে তথ্য সহকাৰে প্ৰকাশ কৰিছে।
নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনিৰ মুঠ পৃষ্ঠাৰ সংখ্যা ২৩২। সুন্দৰ আলোকচিত্ৰ গ্ৰন্থখনত বস্ত্ৰ নগৰী শুৱালকুছিৰ উৎপত্তিৰ কাহিনী, মুগা কাপোৰ কিয় ইমান মূল্যৱান, ভেজাল মুগা কাপোৰ আৰু বিশুদ্ধ মুগা কাপোৰ চিনাক্তকৰণ আদিৰ বিষয়ে বিস্তৃত আলোচনা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/fa6c643d-9dd1-4ed7-8064-a929dffc1978/16d14fcd_79dd_425d_bb60_6573b780905f.jpg)
ইয়াৰোপৰি বৰ্তমান সময়তো অসমৰ ভিতৰতে ঢকুৱাখনা অঞ্চলটোৱে মুগা উৎপাদনৰ ক্ষেত্ৰত কি কাৰণত অনন্য ভূমিকা পালন কৰি আহিছে এই বিষয়ে যুক্তি সহকাৰে উপস্থাপন কৰিছে। মুগা শিল্পই দেশে-বিদেশে খ্যাতি লাভ কৰাৰ পাছতো উদ্বেগজনকভাৱে এই বিষয়ত লেখা-মেলা আমাৰ ভাষাত একেবাৰে নগণ্য বুলিব পাৰি।
লেখিকাৰ এই প্ৰয়াসৰ জৰিয়তে মুগা শিল্পৰ লগত জড়িত ব্যক্তিসকলৰ লগতে মুগা সম্পৰ্কে অনুসন্ধিৎসু ব্যক্তিসকল উপকৃত হ'ব। ঢকুৱাখনাৰ জীয়ৰী হোৱাৰ সুৱাদত আৰু বিভিন্ন ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে লেখিকাই গ্ৰন্থখনত মুগাশিল্পৰ এখন সামগ্ৰিক ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব। সতীৰ্থ জ্ঞান যাত্ৰাই গ্ৰন্থখনৰ প্ৰচাৰ আৰু পৰিৱেশনৰ দায়িত্ব গ্ৰহণ কৰিছে। গ্ৰন্থখনৰ পাবলৈ ৮৬৩৮০৮৫৫৯০ নম্বৰত যোগাযোগ কৰিব পাৰিব।
Also Read: ফেচবুক, ইউটিউবত কোনে আপলোড কৰিছে 'শ্ৰী ৰঘুপতি'ৰ দৃশ্য? যাব লাগিব জে'ললৈ...