/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/188b3ca1-e681-4846-9196-0370b363061e/final.jpg)
ডিজিটেল ডেস্কঃ উখল-মাখল লুইত নগৰ। চাৰিওফালৰ সেউজীয়া পৰিৱেশৰ মাজত আটোম-টোকাৰিকৈ অনুষ্ঠিত হৈছে ২৯সংখ্যক ৰঙালী বিহু সন্মিলন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিহু সন্মিলনখনিৰ আটাইকেইটা দিনতে বাৰেৰহণীয়া কাৰ্যসূচীৰ সমাহাৰ দেখিবলৈ পোৱা গ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/998a06df-05a8-43f6-9c2b-76eaf890b769/6a3f6a3f_4877_49ff_9113_634679bf1579.jpg)
বিহু সন্মিলনখনিৰ শেষৰটো দিনত বহুকেইটা গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়াভাগলৈ অনুষ্ঠিত হোৱা মুকলি সভাত সন্মিলনখনিৰ মুখপত্ৰ 'লুইত প্ৰৱাহ' উন্মোচন কৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। সভাপতি গোবিন কলিতাই আঁত ধৰা সভাখনত বিশিষ্ট সাংবাদিকগৰাকীক গামোচা-গছপুলিৰ লগতে ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/36bc641d-3067-46d4-af9e-e28ac36fe1c6/8aa94c9d_eeb9_49f9_960b_9837c2af416b.jpg)
মুখপত্ৰ 'লুইত প্ৰৱাহ' উন্মোচন কৰি বিশিষ্ট সাংবাদিকগৰাকীয়ে সন্মিলনখনিৰ এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে এই ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ পোষকতা কৰে। আগন্তুক সময়ত অঞ্চলটোৰ ইতিহাসক সমৃদ্ধ কৰিব পৰাকৈ এনে আলোচনীয়ে জীৱন্ত দলিলৰূপে কাম কৰে বুলিও কয় প্ৰকাশ মহন্তই।
বিশিষ্ট সাংবাদিকগৰাকীয়ে কয়- জোনাকী পৰুৱাই যেনেকৈ আন্ধাৰ ভেদি পোহৰ বিলাই জোনাকৰ বাট মুকলি কৰে। তেনেদৰেই এই মুখপত্ৰখনেও এদিন ভৱিষ্যত প্ৰজন্মৰ বাবে অঞ্চলটোৰ সন্দৰ্ভত দিক নিৰ্ণয় কৰাত সহায় কৰিব। আগন্তুক ৰূপালী জয়ন্তী বৰ্ষত এই মুখপত্ৰখনে সামগ্ৰিকভাৱে অঞ্চলটোৰ বিভিন্ন ঐতহাসিক সমলক সামৰি লৈ প্ৰস্তুত কৰিব লাগে বুলি আশা প্ৰকাশ কৰে মহন্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/9577aef2-77a3-4438-9db6-8a226397ffd7/06878ea7_2b50_4ac9_be26_6938a35ed336.jpg)
আনহাতে সময়ৰ সদব্যৱহাৰক লৈও সাংবাদিকগৰাকীয়ে কৰা এক মন্তব্যই সকলোৰে মন চুই যায়। তেওঁ কয়- ব্যক্তিগত জীৱনতেই হওক বা সামাজিক জীৱনতেই হওক সময়ৰ সদব্যৱহাৰ কৰিব পাৰিলেহে সমাজৰ কল্যাণ সাধন হয়। সময়ৰ সদব্যৱহাৰক লৈ সকলো প্ৰজন্মৰ লোক সচেতন হলেহে এখন সুস্থ-সবল সমাজ গঢ় দিয়াটো সম্ভৱ বুলি কয় সাংবাদিকগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8df7c2f1-6427-461d-8271-2570c655c0b2/eb995abc_d129_4a8b_8c82_4507c8db9de0.jpg)
ইফালে প্ৰতিবছৰৰ দৰে এই সন্মিলনখনিয়ে এইবাৰো এগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। সুকন্ঠী কন্ঠশিল্পী ড০ অনিমা চৌধুৰীৰ এইবেলি সম্বৰ্ধনা জ্ঞাপন কৰে লুইত নগৰ বিহু সন্মিলনে। ড০ অনিমা চৌধুৰীয়ে সাংস্কৃতিক সন্ধিয়া উন্মোচন কৰি ৰখা বক্তব্যত কয় যে, গছৰ তলৰ বিহু মঞ্চলৈ অনাৰো কিছুমান লক্ষ্য আৰু উদ্দেশ্য আছিল। মঞ্চৰ বিহুত যাতে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি পৰিৱেশন আৰু প্ৰদৰ্শন কৰিব পাৰি তাৰেই লক্ষ্যৰে বিহু মঞ্চলৈ অনা হৈছিল। কিন্তু এতিয়া দেখা গৈছে যে, মঞ্চ বিহুত জাতীয় কৃষ্টি-সংস্কৃতিতকৈ কোন শিল্পীয়ে গান গাব, কোন শিল্পীয়ে প্ৰগেম কৰিব এইবোৰতহে আমাৰ গুৰুত্ব বেছি। এনে মানসিকতাই ভৱিষ্যতে বিপদ মতাৰ লগতে অসমীয়া জাতীয় জীৱনলৈও ভাবুকি আনিব বুলি শংকা প্ৰকাশ কৰে শিল্পীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/0591b048-e48c-4fe7-a793-4b3538483a3a/63b7b26d_ae4f_4002_bfcc_45f48678b69c.jpg)
উক্ত অনুষ্ঠানতে ক্ৰীড়া, শৈক্ষিক আৰু সাংস্কৃতিক দিশত বিশেষ পাৰদৰ্শিতা দেখুওৱা শিক্ষাৰ্থী তথা প্ৰতিভাশালী বহুসংখ্যক শিক্ষাৰ্থী আৰু ব্যক্তিক বিশেষভাৱে মানপত্ৰসহ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লুইত নগৰৰ এই সন্মিলনখনিত নৃত্য- গীতৰ লগতে ক্ৰীড়া, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, সাধু কোৱা, ভেশচন প্ৰতিযোগিতাৰ দৰে ব্যতিক্ৰমী অনুষ্ঠানো অনুষ্ঠিত হয়।
Also Read: সুখবোৰ কেনি গ'ল...