অষ্টমীৰ দিনা পূব শিলপুখুৰীৰ সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত ভক্তৰ ভিৰ

অষ্টমীৰ দিনা পূব শিলপুখুৰীৰ সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত ভক্তৰ ভিৰ

author-image
asomiyapratidin
New Update
অষ্টমীৰ দিনা পূব শিলপুখুৰীৰ সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত ভক্তৰ ভিৰ

ডিজিটেল ডেস্কঃ অষ্টমীৰ দিনা ৰাজ্যৰ লগতে মহানগৰীৰ পূজা মণ্ডপসমূহত ভক্তৰ সোঁত বৃদ্ধি পাইছে। মহানগৰীৰ পূব শিলপুখুৰী সাৰ্বজনীন দুৰ্গাপূজা কমিটিৰ পূজাটো অষ্টমীৰ দিনা দেখিবলৈ পোৱা যায় যথেষ্ট মানুহৰ ভিৰ।

উল্লেখ্য যে, মহানগৰীৰ এইখন পূজা সমিতিয়ে এইবাৰ ৭১ বছৰত ভৰি দিছে। বুধবাৰৰ পুৱা পূজাস্থলীত চাকি-বন্তি জ্বলাই সেৱা জনাই ভক্তসকলে। উল্লেখ্য যে, সম্পূৰ্ণ ঘৰুৱা পৰিৱেশত আয়োজিত এই পূজাত চুবুৰীটোৰ সকলো লোকে আগভাগ লৈ উলহ-মালহেৰে পূজা সম্পন্ন কৰিছে।

পূজা সমিতিৰ সভাপতি ধন ডেকাই জনোৱা অনুসৰি প্ৰায় ১০ লাখ টকাৰ বাজেটেৰে তেওঁলোকে আয়োজন কৰিছে এই পূজা। ইফালে সমাজত অপায়-অমংগল নাশ কৰাৰ লক্ষ্যৰে আয়োজিত এই পূজাত দৰ্শনাৰ্থীৰ ভিৰ দেখি সন্তুষ্টি প্ৰকাশ কৰে সভাপতিজনে।