৫৫ সংখ্যক বাৰ্ষিক শৈলাৰোহণ আৰু ৩৩ সংখ্যক শিশু প্ৰশিক্ষণ শিৱিৰৰ প্ৰস্তুতি...

৫৫ সংখ্যক বাৰ্ষিক শৈলাৰোহণ আৰু ৩৩ সংখ্যক শিশু প্ৰশিক্ষণ শিৱিৰৰ প্ৰস্তুতি...

author-image
Asomiya Pratidin
New Update
৫৫ সংখ্যক বাৰ্ষিক শৈলাৰোহণ আৰু ৩৩ সংখ্যক শিশু প্ৰশিক্ষণ শিৱিৰৰ প্ৰস্তুতি...

৫৫ সংখ্যক বাৰ্ষিক শৈলাৰোহণ আৰু ৩৩ সংখ্যক শিশু প্ৰশিক্ষণ শিৱিৰৰ প্ৰস্তুতি...

ডিজিটেল সংবাদ গুৱাহাটীঃ উত্তৰ পূৱৰ অন্যতম অগ্ৰণী দুঃসাহসিক ক্ৰীড়া সংগঠন অসম পৰ্বতাৰোহণ সন্থাই ৰাজ্যত পৰ্বতাৰোহণৰ প্ৰতি নৱ প্ৰজন্মক উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে দুটাকৈ শীতকালীন প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত কৰি আহিছে৷ চলিত বৰ্ষতো জ্যেষ্ঠসকলৰ বাবে ৫৫ সংখ্যক বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰ আৰু শিশুসকলৰ বাবে ৩৩ সংখ্যক শিশু প্ৰশিক্ষণ শিৱিৰৰ (চিলড্ৰেন এড্‌ভেন্সাৰ অৰিয়েণ্টেশ্যন কেম্প) আয়োজন কৰিছে।

Advertisment

অহা ২৬ নৱেম্বৰ, ৩, ৯, ১০, ১৭ আৰু ২৫ ডিচেম্বৰত গুৱাহাটীত থকা ৰোহিণী কুমাৰ ভূঞা শৈল ক্ষেত্ৰত শৈলাৰোহণ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হ’ব৷ প্ৰতিবাৰৰ দৰে এইবাৰো প্ৰশিক্ষণ শিৱিৰত শৈলাৰোহণ, হাইকিং, ৰেপেলিং, ছিংগল্‌ ৰ’প ব্ৰীজ টেকনিক, লেডাৰ ক্লাইম্বিং এণ্ড ক্ৰ’চিং, চিমনী ক্লাইম্বিং, ৱাটাৰফল্‌ ক্লাইম্বিং, ডেল্টা ক্ৰ’চিং আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷

প্ৰশিক্ষণৰ অংশ হিচাপে প্ৰশিক্ষাৰ্থীসকলক নাইট কেম্পিঙৰ অভিজ্ঞতাও দিয়া হ’ব৷ এই প্ৰশিক্ষণ কাৰ্যসূচীত ১৪–৪৫ বছৰৰ লোকসকলে অংশ গ্ৰহণ কৰিব পাৰিব৷ আনহাতে শিশুসকলক দুঃসাহসিক ক্ৰীড়াৰ বিভিন্ন কৌশল আৰু প্ৰাথমিক জ্ঞান প্ৰদান কৰিবৰ বাবে অহা ২৩, ২৪ আৰু ২৫ ডিচেম্বৰত এক শিশু প্ৰশিক্ষণ শিৱিৰৰো (চিলড্ৰেন এড্‌ভেন্সাৰ অৰিয়েণ্টেশ্যন কেম্প) আয়োজন কৰিছে৷

শিৱিৰত শৈলাৰোহণৰপৰা আৰম্ভ কৰি পৰ্বতাৰোহণ সম্পৰ্কীয় প্ৰায়বোৰ বিষয়তে প্ৰাথমিক জ্ঞান প্ৰদান কৰা হ’ব৷ ৰাজ্যিক চিৰিয়াখানা চৌহদত থকা ৰোহিণী কুমাৰ ভূঞা শৈল ক্ষেত্ৰতে হ’বলগীয়া এই প্ৰশিক্ষণত ৪ – ১৪ বছৰ বয়সৰ শিশুৱে অংশ গ্ৰহণ কৰিব পাৰিব৷

আগ্ৰহী যুৱক-যুৱতী আৰু শিশুসকলক উলুবাৰীস্থিত আৰ জি বৰুৱা কমপ্লেক্সত (কনকলতা ইন্দ’ৰ ষ্টেডিয়ামৰ সমীপত) থকা সন্থাৰ কাৰ্যালয় অথবা www.assammount.org ৱেবচাইট অথবা ৯৭০৭১৭৩২১৮, ৮৪৮৬৮১২৯০১, ৯৮৬৪৭৭০২৭৩, ৭৬৬৩৯৭০০৩৬, ৮২৫৩৯২০২৭৯, ৯৯৫৪৩৭০৫৯৫ নম্বৰ যোগাযোগ কৰিবলৈ সন্থাই আহবান জনাইছে৷

Also Read: নগাঁৱৰ বিশিষ্ট অধিবক্তা দেবব্ৰত শৰ্মাৰ মৃত্যুত শোক...

শৈলাৰোহণ