/asomiyapratidin/media/media_files/2024/12/13/fDFnyRik19ThQCDMB4sh.jpg)
ডিজিটেল সংবাদ গুৱাহাটীঃ সাহিত্য-সংস্কৃতিৰ এলানি বৰ্ণিল কাৰ্যসূচী সন্মুখত ৰাখি আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হ’ল প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪৷ শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসে অহা ১৫ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা সাহিত্যৰ এই মনোৰম উৎসৱ উদ্বোধন কৰি যশস্বী নিবন্ধকাৰ-গৱেষক স্বামীনাথন গুৰুমূৰ্তিয়ে কয়—চিন্তাৰ স্বাধীনতা অতি গুৰুত্বপূৰ্ণ বিষয়৷ সাহিত্যই এই স্বাধীনতা প্ৰদান কৰে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চল বৃহৎ ভাৰতবৰ্ষৰ এক উজ্বল প্ৰতিফলন৷কিন্তু দীঘলীয়া সময়জুৰি এই অঞ্চলৰ প্ৰতি চৰকাৰৰ কোনো আগ্ৰহ পৰিলক্ষিত হোৱা নাছিল৷
তেওঁ কয়, এতিয়া সময় সলনি হৈছে৷ অসম তথা উত্তৰ পূৰ্বাঞ্চল এতিয়া ভাৰতৰ এক বৃহৎ শক্তি৷ দেশৰ অৰ্থব্যৱস্থা, ৰাজনীতি, প্ৰযুক্তি, ভাষা-সাহিত্য সকলো ক্ষেত্ৰতে এই বৃহত্তৰ অঞ্চলে আগবঢ়াইছে অতুল্য অৱদান৷ অৰ্থনীতিৰ পৰা সামাজিক পৰিকাঠামোলৈ সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে৷
সম্প্ৰতি বাণিজ্যিক আত্মসংস্থাপন মনকৰিবলগীয়া৷ শিক্ষিত আৰু দীক্ষিতসকলে এই পথেৰে কৰ্মৰ বিশাল ক্ষেত্ৰ গঢ়ি তুলিবলৈ আগবাঢ়িছে৷ এয়া নতুন ভাৰতবৰ্ষৰ পৰিচয়৷ সামাজিক পুঁজি গঠন প্ৰক্ৰিয়াই নতুন আশাৰ বাট দেখুৱাইছে৷
তেওঁ লগতে কয় যে, পূৰ্বতে ভাৰতৰ আৰ্থ-সামাজিক ব্যৱস্থা স্থবিৰ হৈ থকাৰ কাৰণ হিচাপে এচামে পৰিকল্পিতভাৱে আমাৰ সংস্কৃতি-পৰম্পৰা-দৰ্শনক দোষাৰোপ কৰিছিল৷ কিন্তু এতিয়া এই কথা প্ৰতিপন্ন হৈছে যে সংস্কৃতি-পৰম্পৰা-দৰ্শনেহে সামগ্ৰিক বিকাশ সাধন কৰিব পাৰে৷
আজিৰ ভাৰতবৰ্ষই এয়া প্ৰমান কৰি দেখুৱাইছে৷ তেওঁৰ অন্য এক তাৎপৰ্যপূৰ্ণ মন্তব্য—“মানুহ প্ৰকৃতিত বাস কৰে৷ প্ৰকৃতিৰ নিয়মমতেই মানুহ পৰিচালিত হয়৷ প্ৰকৃতিয়ে বিচৰা ধৰণেই মানুহে কাম কৰে৷ শিক্ষা-সাহিত্য-সংস্কৃতি সকলো ক্ষেত্ৰতে এই কথা প্ৰযোজ্য৷ অধিকাৰৰ সংঘাতে ধ্বংস কৰে কিন্তু কৰ্তব্যই গঢ়ি তোলে৷ সাহিত্য-সংস্কৃতিয়ে সামূহিকতা বা ঐক্য আৰু মানুহ-সামজ-দেশৰ প্ৰতি কৰ্তব্য দেখুৱাই দিয়ে৷ ভাৰতীয় সভ্যতা এই দৰ্শনৰ আধাৰতে গঢ়ি উঠিছে৷
অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট সাহিত্যিক, ড° মালিনী গোস্বামীয়ে৷ তেওঁ কয় যে এই সাহিত্য উৎসৱ এক মহৎ পদক্ষেপ৷ মানৱ সভ্যতাৰ বিৱৰ্তন আৰু উত্তৰণত সাহিত্য-সংস্কৃতিৰ ভূমিকা আপৰিসীম৷
সাহিত্য-সংস্কৃতি হৈছে সমাজ-সভ্যতাৰ দাপোণ৷ প্ৰাগজ্যোতিষপুৰ নাইবা প্ৰচীন কামৰূপৰ সাহিত্যৰ ইতিহাস অতি উচ্চমানৰ৷ সেই ঐতিহাসিক ভেটিতে আধুনিক ভাষা-সাহিত্যৰ নিৰ্মাণ হৈছে৷ কুমাৰ ভাস্কৰ বৰ্মন, পৰ্যটক হিউৱেনচাঙৰ বিষয়ে পঢ়িলেই ইয়াৰ প্ৰমাণ পাব পাৰি৷
পৰৱৰ্তী পৰ্যায়ৰ আহোমৰ ৰজত্বকালতো ভাষা-সাহিত্য আৰু ইতিহাস চৰ্চা অতি উন্নতমানৰ৷ মহাপুৰুষ শংকৰদেৱ, মধদেৱৰ সময়ৰ চহকী সাহিত্যই অসমীয়া ভাষা-সাহিত্যক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ সেই তাহানিৰে পৰা এতিয়ালৈ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ নিৰৱধি গতিধাৰাই আমাক গৌৰৱান্বিত কৰিছে৷
অসমীয়া সাহিত্যই সামগ্ৰিকভাৱে ভাৰতীয় সাহিত্যক সমৃদ্ধ কৰিছে৷ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱেও ইয়াকে প্ৰতিনিধিত্ব কৰিব৷ ইয়াত আদৰণি ভাষণ আগবঢ়ায় শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ সভাপতি, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই৷
তেওঁ কয় যে, সাহিত্য হৈছে ঐক্য নিৰ্মাণৰ পথ৷ সাহিত্যই পৃথক কৰাৰ পৰিৱৰ্তে সমাজৰ সমন্বয় সাধন কৰে৷ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ উদ্দেশ্যও এয়াই৷ অসম মহাবীৰ লাচিত বৰফুকনৰ মাতৃভূমি, যিগৰাকী মহাবীৰে আক্ৰমণকাৰী মোগলক পৰভূত কৰি অসমৰ নাম চিৰকালৰ বাবে বুৰঞ্জীত উজলাইছে৷
নতুন প্ৰজন্মক সকলো ক্ষেত্ৰতে সঠিক পথৰ নিৰ্দেশনা দিব পৰা আৰু নেতৃত্ব বহন কৰিব পৰা এনে নেতাৰ প্ৰয়োজন৷ অসমৰ সাহিত্যৰো সমৃদ্ধ ইতিহাস আছে৷ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱে এই ইতিহাস প্ৰতিফলিত কৰাৰ লগতে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিব৷
উদ্বোধনী অনুষ্ঠানৰ সামৰণি ভাষণ আবঢ়ায় আয়োজক সমিতিৰ সভাপতি, বিশিষ্ট সাহিত্যিক তৰেন বড়োৱে৷ তেওঁ কয়—তিনিদিনীয়া এই সাহিত্য উৎসৱে নতুন প্ৰজন্মক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰিছোঁ৷ কাৰণ ইয়াত যিবোৰ কাৰ্যক্ৰমণিকা ৰখা হৈছে সেয়া আনুষ্ঠানিক শিক্ষাৰ সৈতেও সংপৃক্ত হৈ আছে৷
সাহিত্য-সংস্কৃতিয়ে বিদ্যায়তনিক উত্তৰণতো সহায় কৰে৷ ধৰ্ম কিম্বা ৰাজনীতিয়ে নহয়, সাহিত্য-সংস্কৃতিয়েহে জাতি আৰু সমাজক ঐক্যৱদ্ধ কৰিব পাৰে৷ তেওঁ আগন্তুক দুদিনৰ কাৰ্যসূচীও সাফল্যমণ্ডিত কৰাৰ বাবে সকলো পক্ষকে অনুৰোধ জনায়৷
বিশিষ্ট শাস্ত্ৰীয় সংগীতশিল্পী বিদ্যাসাগৰে পৰিৱেশন কৰা এটি বৰগীতে উদ্বোধনী অনুষ্ঠানটিক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে৷ উদ্বোধনী সভাত অংশগ্ৰহণ কৰে প্ৰাজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এছ কে সিন্হা, সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা বিশিষ্ট স্তম্ভ লেখক জে সাই দীপক, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আণৱিক চিকিৎসা বিকাশ কেন্দ্ৰৰ অধ্যাপক, প্ৰখ্যাত লেখক ড° আনন্দ ৰংগনাথনে৷
উদ্বোধনী সভাৰ পাছত “সংবিধান আৰু সভ্যতা” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা বিশিষ্ট স্তম্ভ লেখক জে সাই দীপকে৷তেওঁ কয়—“কেৱল সমূহীয়া ভাষা আৰু সংস্কৃতিয়ে দেশ বা জাতিক সুৰক্ষিত কৰিব নোৱাৰে৷ কাশ্মীৰ আৰু বাংলাদেশ ইয়াৰ জলন্ত উদাহৰণ৷”
তেওঁ বিষয় প্ৰসংগত কয় যে এটা বিশাল পৰিচয়ৰ মাজত নিজৰ আঞ্চলিক পৰিচয় কেনেদৰে বৰ্তি থাকিব? ভাৰতৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ উত্তৰ-পূৰ্বাঞ্চল বা অন্যান্য প্ৰান্তৰো নিজা নিজা ভাষা-সংস্কৃতি আছে৷ সেয়ে ভাৰতীয় জাতিৰ সংজ্ঞাতকৈ ভাৰতীয় সভ্যতাৰ সংজ্ঞাইহে সকলোকে একত্ৰিত কৰি ৰাখিব পাৰে৷
কাৰণ সকলোৰে বিচিত্ৰ ভাষা-সংস্কৃতিক লৈ এটা সভ্যতা নিশ্চিতভাৱে গঢ়ি উঠিব পাৰে৷ এই প্ৰক্ৰিয়াত সকলোৰে নিজস্ব পৰিচয় বৰ্তি থকাৰ পাছতো এটা বিশাল সামূহিক পৰিচয়ে সকলোৰে মাজত ঐক্য সাধন কৰিব পাৰে৷ কেৱল সংবিধানে এটা জাতি গঠন কৰিব নোৱাৰে, সভ্যতাই কিন্তু এই ধাৰণাক সাকাৰ কৰিব পাৰে৷
সম্প্ৰদায় বা ভাষাৰ ভিত্তিত বিভাজন কৰাৰ বিপৰীতে ঐক্য সাধন কৰাৰ ব্যৱস্থাটোৱে হৈছে সভ্যতাৰ নিৰ্মাণ৷ তেওঁ পুনৰ কয়—“ঐশ্বৰিক ধাৰণা এটায়ো বিশাল ভাৰতক একত্ৰিত কৰি ৰাখিছে৷ বহু ভাষা, ভিন্ন দৰ্শন, বিভিন্ন সংস্কৃতিৰ মাজতো এই ধাৰণা বা বিশ্বাস ভাৰতীয় ঐক্যৰ এক লক্ষণীয় কাৰণ৷
হাইব্ৰীড বুৰঞ্জী নহয়, প্ৰকৃত মাটিৰ বুৰঞ্জী পঢ়া বা শুনা উচিত৷ ভাৰতবৰ্ষৰ সভ্যতা অন্ততঃপক্ষে ৫ হাজাৰ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ৷ গতিকে মেক্স মূলাৰে লিখা কথা মানি ল’ব পৰা নাযায়৷ সংবিধান ভণ্ডামিৰ আধাৰ হোৱা অনুচিত৷ সকলো বিষয় সমান গুৰুত্বৰে আলোচিত হোৱা উচিত৷ ইয়াৰ শুভাৰম্ভণি হোৱা বুলি ক’ব পাৰি৷”
এই অনুষ্ঠানৰ আঁত ধৰে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, অধ্যাপক যোগেশ কাকতিয়ে৷ ইয়াৰ পাছত “ট্ৰেডমিলৰ পৰা ট্ৰেভেলেটৰলৈঃ ২০৪৭ৰ দিশত ভাৰত” শীৰ্ষক আলোচনা সত্ৰত ভাষণ আগবঢ়ায় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আণৱিক চিকিৎসা বিকাশ কেন্দ্ৰৰ অধ্যাপক, প্ৰখ্যাত লেখক ড° আনন্দ ৰংগনাথনে৷
তেওঁ কয়—“দেশত পাঁচ কোটি গোচৰ পৰি আছে৷ ন্যায়ালয়ত ন্যায়াধীশৰ বহু আসন খালী হৈ আছে৷ ন্যায় ব্যৱস্থাতো অনীতি হোৱাৰ অভিযোগ উত্থাপিত হয়৷ এনে অৱস্থাত বিকাশ বা সফলতা কেনেদৰে আহিব?”
তেওঁ কয় যে ইয়াৰ মাজতো বিকাশ নোহোৱাকৈ থকা নাই৷ স্বাধীনতাৰ সময়ত গড় আয়ূস আছিল ৩২ বছৰ এতিয়া ৭৬ বছৰ৷ ১৯৪৭ চনত শিশুৰ মৃত্যুৰ হাৰ বহু আছিল৷ এতিয়া বহুত কমিল৷ অৰ্থ ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, আন্তঃগাঁথনি সকলোতে এনে কৃতকাৰ্যতা পৰিলক্ষিত হৈছে৷
তথাপি প্ৰশ্নবোৰ হৈছে এতিয়াও কিয় দেশত বিদ্যালয় নেদেখা শিশু আছে, কিয় প্ৰতিটো শিশুৱে প্ৰতিষেধক নাপায়, কিয় যুৱ কৰদাতাৰ পৰিসংখ্যা কম? এইখিনিতে ৰাষ্ট্ৰৰ পৰিকল্পনাৰ বিষয়টো আহি পৰে৷ ভাৰতৰ কৰ্মশক্তি ৬০০ মিলিয়ন৷ এই কৰ্মশক্তিক সঠিক পথত ব্যৱহাৰ কৰিব পাৰিব লাগিব৷
১৪% কৃষিভূমি বিনষ্ট হৈছে, ৩৫% কৃষিভূমি বৰষুণৰ ওপৰত নিৰ্ভৰশীল৷ অথচ কোনো অঞ্চলত বান অৰ্থাৎ অতিৰিক্ত পানীয়ে দুৰ্যোগ সংঘটিত কৰে৷ এই পানী মৰু সদৃশ অঞ্চললৈ কেতিয়া বোৱাই নিয়া হ’ব?
বিষয় প্ৰসংগত তেওঁ এইদৰেও কয় যে, তথাপি ইয়াৰ মাজতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংস্কাৰ কৰাৰ সাধনা অব্যাহত ৰাখিছে৷ উত্থাপিত প্ৰশ্নসমূহৰ উত্তৰ বা সমাধান সূত্ৰ উলিয়াবলৈ প্ৰয়াস কৰিছে৷ সামাজিক স্বাস্থ্য সুৰক্ষিত হ’লেহে সকলো সম্ভৱ৷
সাহিত্য সমাজৰ পৰা বিচ্ছিন্ন নহয়৷ এই কথা আমি পদে পদে মনত ৰাখিব লাগিব৷ দেশে স্বাধীনতা অৰ্জনৰ এশ বছৰ পূৰ্ণ হ’বলৈ অৰ্থাৎ ২০৪৭ লৈ বেছিদিন নাই৷ এই সত্ৰখনত আঁত ধৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ৰ উপ-সভাপতি, বিশিষ্ট সাংবাদিক-লেখক নৱ ঠাকুৰীয়াই৷
ইয়াৰ পাছতে অনুষ্ঠিত হয় অন্য এখন বক্তৃতা সত্ৰ৷ ইয়াত “ইতিহাস আৰু পুনৰীক্ষণৰ গুৰত্ব” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি অগ্ৰণী অৰ্থনীতিবিদ,জনপ্ৰিয় ইতিহাসবিদ সঞ্জীৱ সান্যালে কয়— ভাৰতবৰ্ষৰ বুৰঞ্জীলৈ গভীৰভাৱে দৃষ্টিপাত কৰিলে গম পোৱা যায় কাৰোবাক নায়ক কৰাৰ বাবে প্ৰকৃত কথা পোহৰলৈ নাহিল৷
ঔপনিৱেশিক শাসনৰ সময়ত ৰচনা কৰা বুৰঞ্জীত ভাৰতবৰ্ষৰ প্ৰাচীন সভ্যতা কৰবাত চেপা খাই থাকিল৷ বহু ঐতিহ্যও সেই সময়ত ধ্বংস কৰা হ’ল৷ তেওঁ লগতে কয় যে ব্ৰিটিছে তেওঁলোকৰ কামত ন্যাযতা প্ৰদান কৰিও ইতিহাস ৰচনা কৰিছিল৷ অত্যাচাৰী ব্ৰিটিছ বিষয়াৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি এয়া জাতীয় স্মাৰক হিচাপে গন্য কৰা হৈছিল৷ জন নিকলছনৰ প্ৰতিমূৰ্তি এনে কাণ্ডৰে প্ৰমাণ আছিল৷
আমাৰ দেশ শোষণ কৰিবলৈ আহি তেওঁলোকে হেজাৰ বছৰীয়া ভাৰতীয় সভ্যতাৰ ইতিহাস বিনষ্ট কৰিছিল৷ ব্ৰিটিছে ভাৰতক মোগলৰ পৰাহে কাঢ়ি লৈছিল৷কিন্তু মোগলসকল ভাৰতৰ খিলঞ্জীয়া নহয়৷
কিন্তু ব্ৰিটিছে মোগলৰ পৰা কাঢ়ি লোৱাৰ সময়ৰ পৰাই ভাৰতৰ বুৰঞ্জী আৰম্ভ কৰে৷ ফলত আমাৰ পাঁচ হাজাৰ বছৰীয়া সভ্যতাৰ বুৰঞ্জী আনকি শিক্ষা ব্যৱস্থাৰ এটা বিষয় হোৱাৰ পৰাও বাদ পৰিছিল৷
উদাহৰণ স্বৰূপে অসমৰে মহাৰজা পৃথুৰ কথা পোহৰলৈ অহাই নাছিল৷ অথচ তেওঁ আক্ৰমণকাৰী বখতিয়াৰ খিলিজীক পৰাভূত কৰিছিল৷ তেন্তে এই কথা বুৰঞ্জীৰ পাতৰ পৰা কিয় হেৰাই থাকিল? আনকি মহাবীৰ লাচিত বৰফুকনৰ বিষয়েও সৌ সিদিনালৈ বৰ বেছি চৰ্চা হোৱা নাছিল৷
ইয়াৰ কাৰণ হৈছে সেই বুৰঞ্জী সঠিকভাৱে ৰচনা কৰা হোৱা নাছিল৷ সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এনে বহু উদাহৰণ পোৱা যায়৷ সেয়ে বুৰঞ্জীৰ পুনৰীক্ষণৰ প্ৰয়োজন আছে৷ অৱশ্যে পশ্চিমীয়া ইতিহাসবিদে এতিয়া স্বীকাৰ কৰিছে যে ভাৰতৰ বুৰঞ্জী এসময়ত শুদ্ধকৈ লিখা হোৱা নাছিল৷
কিন্তু সম্প্ৰতি এই লৈ সৃষ্টি হোৱা নতুন বাক্ধাৰাক তেওঁলোকে আদৰণি জনাইছে৷ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱত এই বিষয়ক লৈ আলোচনা সত্ৰ অনুষ্ঠিত কৰাটো এক সুন্দৰ আৰু আশাব্যঞ্জক পদক্ষেপ৷
এই অনুষ্ঠানৰ আঁত ধৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ-২০২৪ৰ উপ-সভাপতি নয়ন ভট্টাচাৰ্যই৷ সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত হীৰকজ্যোতি শৰ্মাৰ টোকাৰী গীত আৰু অন্যান্য কাৰ্যক্ৰমণিকাই সকলোকে আপ্লুত কৰে৷