প্ৰদীপ বৰুৱা- যতীন্দ্ৰ নাথ গোস্বামী- বিনোদ খনাললৈ ‘অসম জাতীয় বিদ্যালয় সন্মান’

নাট্যকাৰ হেমন্ত দত্তলৈ ‘অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ’

author-image
Asomiya Pratidin
New Update
প্ৰদীপ বৰুৱা- যতীন্দ্ৰ নাথ গোস্বামী- বিনোদ খনাললৈ ‘অসম জাতীয় বিদ্যালয় সন্মান’

ডিজিটেল ডেস্ক : দেওবাৰে অসম জাতীয় বিদ্যালয়ত বাৰ্ষিক ‘গীত-মাতৰ গধূলি’ শীৰ্ষক অনুষ্ঠানৰ লগতে ২০২৪-২৫ বৰ্ষৰ ‘অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ’ আৰু ‘অসম জাতীয় বিদ্যালয় সন্মান’ প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই বৰ্ষৰ ফেল’শ্বিপ প্ৰদান কৰা হ’ব বিশিষ্ট নাট্যকাৰ- গীতিকাৰ হেমন্ত দত্তক।

Advertisment

একেদৰে ‘অসম জাতীয় বিদ্যালয় সন্মান’ প্ৰদান কৰা হ’ব নৃত্যাচাৰ্য যতীন্দ্ৰ নাথ গোস্বামী, প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱা আৰু লোক সংস্কৃতিৰ সাধক বিনোদ খনালক। ২৭ অক্টোবৰত অনুষ্ঠিতব্য এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু।

বিয়লি ৫-০০ বজাৰ পৰা ৬-০০ বজালৈ ‘অসম জাতীয় বিদ্যালয় ফেল’শ্বিপ’ আৰু ‘অসম জাতীয় বিদ্যালয় সন্মান’ প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হ’ব।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে শিক্ষানুষ্ঠানখনে বিগত সময়ছোৱাতো গীত- মাতৰ গধূলি শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰি আহিছে।

Also Read: ধুবুৰী জিলা সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সভা

অসম জাতীয় বিদ্যালয় বিনোদ খনাল যতীন্দ্ৰ নাথ গোস্বামী প্ৰদীপ বৰুৱা হেমন্ত দত্ত