/asomiyapratidin/media/media_files/2025/09/08/1-2025-09-08-22-30-11.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: মহানগৰীৰ কাহিলিপাৰা নিৱাসী সমাজহিতৈষী ধৰণী বৈশ্য আজি পুৱা নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৩ বছৰ। অবিবাহিত প্ৰয়াত বৈশ্যই ভাতৃ-ভগ্নীৰ লগতে বহু আত্মীয়-স্বজন আৰু গুণমুগ্ধক এৰি থৈ গৈছে।
মানৱতাবাদী আৰু বিজ্ঞানমনস্ক ব্যক্তিগৰাকীৰ শেষ ইচ্ছা অনুসৰি আজি ৮ চেপ্তেম্বৰ, ২০২৫ গুৱাহাটী মেডিকেল কলেজত মৰণোত্তৰ দেহদান সুকলমে সম্পন্ন হয়। ইয়াৰ আগতে দুজন অন্ধলোকৰ চকু সংৰোপণৰ বাবে শংকৰদেব নেত্ৰালয়ৰ চিকিৎসকে তেখেতৰ চকুযুৰি সংগ্ৰহ কৰে।
ইলোৰা বিজ্ঞান মঞ্চৰ উপসভাপতি প্ৰনবজ্যোতি ডেকাই আতঁ ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষৰ হৈ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক (ডাঃ) অচ্যুত বৈশ্যই মৃত্যুৰ পিচতো মানব কল্যানৰ হকে মৰণোত্তৰ দেহদানেৰে ধৰণী বৈশ্যই যি অনন্য উদাহৰণ দাঙি ধৰিলে তাৰ শলাগ লয়।
এই ক্ষেত্ৰত পৰিয়ালৰ আগ্ৰহ আৰু উদ্যোগৰ তেও প্ৰশংসা কৰে। অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ অধ্যাপক ডাঃ জয়দেব শৰ্মা, অধ্যাপক ডাঃ পংকজ অধিকাৰী, সহকাৰী অধ্যাপক ডাঃ ৰুপক বৈশ্য, গুৱাহাটী মেডিকেল কলেজৰ শিক্ষক-কৰ্মচাৰী, ছাত্র-ছাত্রী।
লগতে ইলোৰা বিজ্ঞান মঞ্চৰ সম্পাদক কমলেশ গুপ্ত, যুটীয়া সম্পাদক মনোজ ৰায়, প্ৰয়াত বৈশ্যৰ পৰিয়ালৰ সদস্যসকলে বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী ব্যক্তিগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।ইলোৰা বিজ্ঞান মঞ্চই তেখেতৰ শোকস্তব্ধ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধ সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।