মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে বৈঠক অনুসূচিত জাতিৰ সংগঠনসমূহৰ ঐক্যমঞ্চৰ

অনুসূচিত জাতিৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰি আজি ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত জনতা ভৱনত বিশেষ বৈঠকত মিলিত হয় ৷

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল ডেস্কঃ অনুসূচিত জাতিৰ সংগঠনসমূহৰ ঐক্য মঞ্চই দীৰ্ঘদীনে অসমৰ অনুসূচিত জাতিৰ কিছু জ্বলন্ত সমস্যাসমূহক লৈ সংগ্ৰাম কৰি আহিছে ৷ অনুসূচিত জাতিৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰি আজি ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত জনতা ভৱনত বিশেষ বৈঠকত মিলিত হয় ৷ অসম অনুসূচিত জাতি পৰিষদ, অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থা, অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ, সদৌ অসম হীৰা পৰিষদ, হীৰা সন্মিলনী, অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা আৰু ইউনাইটেড বহুজন ৰিপাব্লিক একচন কমিটী অৱ ইণ্ডিয়াৰ প্ৰতিনিধিৰ উপস্থিতিত মন্ত্ৰীগৰাকীৰ সৈতে দীৰ্ঘ আলোচনাৰ অন্তত অনুসূচিত জাতিৰ সংগঠনসমূহৰ ঐক্য মঞ্চই কেইবাটাও দাবী স্মাৰক পত্ৰ যোগে উত্থাপন কৰিছে ৷ এই দাবীসমূহক লৈ মন্ত্ৰীগৰাকীৰ সৈতে বিশদ আলোচনা কৰে। বিষয়সমূহ ক্ৰমে-  

WhatsApp Image 2026-02-17 at 2.57.47 PM

১. সংগঠনসমূহে মাটি আৱণ্টন আৰু ম্যাদী পট্টা প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷ স্বাধীনতাৰ পূৰ্বে লাখ লাখ থলুৱা অনুসূচিত জাতিৰ লোক চৰকাৰী মাটিত বাস কৰি আহিছে। আনহাতে, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৰু বিভিন্ন জিলাৰ চৰকাৰী মাটিত বহু লোক বসবাস কৰি আছে। বহু পৰিয়াল খহনীয়াৰ কবলত পৰি ভূমিহীন হৈছে ৷ থলুৱা অনুসূচিত জাতিৰ লোকসকলক ম্যাদী পট্টা প্ৰদান আৰু ভূমি আৱণ্টনৰ দাবী জনাই। 

২. প্ৰতিখন জিলা সদৰত ছাত্ৰী নিবাস নিৰ্মাণৰ দাবী উত্থাপন কৰিছে ৷ অনুসূচিত জাতিৰ মহিলা আৰু বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়ন কৰা অনুসূচিত জাতিৰ ছাত্ৰীৰ বাবে সুৰক্ষিত আবাসৰ সুবিধা সুনিশ্চিত কৰিবলৈ প্ৰতিখন জিলা সদৰত ছাত্ৰী নিবাস নিৰ্মাণৰ দাবী জনাই। 

৩. সামাজিক মৰ্যাদা দাবীৰ তদন্তৰ বাবে সতর্কতা কোষ গঠন ৷ উচ্চতম ন্যায়ালয়ৰ আদেশ (Case No. 1995 AJR 94, 1994 SCC (6) 241) অনুসৰি প্ৰতিটো সঞ্চালকালয়ত সামাজিক মৰ্যাদা দাবীৰ তদন্তৰ বাবে সতর্কতা কোষ গঠনৰ দাবী জনাই। 

WhatsApp Image 2026-02-17 at 3.42.41 PM

৪. কাৰ্যালয় স্মাৰক নং TAD/BC/855/2013/152 তাৰিখ ১১ মে’,২০১৮ ৷ উক্ত স্মাৰকৰ ৭, ৮ আৰু ৯ নং ধাৰাসমূহ সঠিকভাৱে কাৰ্যকৰী কৰা হোৱা নাই। এই সন্দৰ্ভত আইনী বিশেষজ্ঞৰ উপস্থিতিত আলোচনা আৰু সংশোধনী জাৰি কৰাৰ দাবী জনাই।

৫. অনুসূচিত জাতি/জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইন, ১৯৮৯ৰ প্ৰয়োগ পৰ্যালোচনাৰ বাবে ৰাজ্যিক সতর্কতা আৰু পৰ্যবেক্ষণ সমিতিৰ বৈঠকৰ কার্যবিবৰণী৷ আজিলৈকে প্ৰতিখন জিলাত জিলা স্তৰৰ সতর্কতা আৰু পৰ্যবেক্ষণ সমিতি গঠন কৰা হোৱা নাই। সেয়ে ৰাজ্যিক সতর্কতা আৰু পৰ্যবেক্ষণ সমিতিৰ কার্যবিবৰণী অবিলম্বে কাৰ্যকৰী কৰাৰ দাবী জনাই।  

WhatsApp Image 2026-02-17 at 2.57.48 PM

৬. ‘মিছন ভূমিপুত্ৰ’ এপ  ১ আগষ্ট, ২০২২ তাৰিখে অসমত মুকলি কৰা হয়। চৰকাৰী তথ্য অনুসৰি ০৫-১১-২০২৩ তাৰিখলৈকে ৫,২৩,৬৬৯ জন আবেদনকাৰীয়ে জাতি প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰিছে। তাৰ ভিতৰত ১ বছৰ ৩ মাহত ৩,৩৯,৬৫৯ খন জাতি প্ৰমাণপত্ৰ মঞ্জুৰ হোৱা দেখা গৈছে। এই ক্ষেত্ৰত ২৭ জানুৱাৰী, ২০১৬ তাৰিখৰ চৰকাৰী আদেশ অনুসৰি নিৰ্দেশাৱলীত সংশোধন কৰি অনুসূচিত জাতিৰ নোহোৱা লোকসকলে সহজে জাতি প্ৰমাণ পত্ৰ লাভ কৰিব নোৱাৰে বুলি নিশ্চিত কৰাৰ দাবী জনাই।

৭. অনুসূচিত জাতি সমাজৰ উন্নয়নৰ বাবে পুঁজি আৱণ্টন ৷ অসমৰ সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ে ভাৰত চৰকাৰৰ সমাজ ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ আয় সৃজনমূলক আঁচনি কাৰ্যকৰীকৰণৰ নিৰ্দেশনা অনুসৰণ কৰা নাই। তাৰ পৰিৱৰ্তে টুপী, স্কুল ড্ৰেছ, জোতা, বল পেন, টিভি, প্ৰেছাৰ কুকাৰ, ডাষ্টবিন আদি বিতৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে। সেয়ে আয়মুখী সৃজনমূলক আঁচনিৰ বাবে অধিক পুঁজি আৱণ্টনৰ দাবী জনাই। এনে আঁচনিয়ে অনুসূচিত জাতিৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক পোনপটীয়া সহায় আগবঢ়াব। এই ক্ষেত্ৰত ১,০০০ খন ই-ৰিক্সা ক্ৰয় কৰি শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত বিতৰণৰ প্ৰস্তাৱ আগবঢ়াইছে।

৮. উন্নয়ন পৰিষদ গঠন ৷ চৰকাৰে ১১ নৱেম্বৰ, ২০১৫ তাৰিখে অনুসূচিত জাতিৰ বাবে উন্নয়ন পৰিষদ গঠন কৰিছিল। বৰ্তমান উক্ত সমিতিখন ভংগ হৈছে। সেয়ে অবিলম্বে অনুসূচিত জাতিৰ বাবে পুনৰ উন্নয়ন পৰিষদ গঠনৰ দাবী জনাই।

৯. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ওচৰত কনভেনশ্যন চেণ্টাৰ আৰু অতিথিশালা নিৰ্মাণৰ বাবে মাটি আৰু পুঁজি আৱণ্টন ৷ অসমৰ অনুসূচিত জাতিৰ লোকসকলে ‘সতী ৰাধিকা দিৱস’,‘আম্বেদকাৰ দিৱস’,‘গুৰু ৰবিদাস দিৱস’আদি অনুষ্ঠান কেন্দ্ৰীয়ভাৱে উদযাপনৰ বাবে চৰকাৰী স্তৰত ৫ বিঘা মাটি আৰু কনভেনশ্যন চেণ্টাৰ নিৰ্মাণৰ বাবে পুঁজি আৱণ্টনৰ দাবী জনাই।

১০. ছাত্ৰী নিবাসৰ লগতে  সৰুমটৰীয়াত নতুনকৈ নিৰ্মিত বহুমহলীয়া ভৱন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো বিগত ৪ বছৰে ব্যৱহাৰ নোহোৱাকৈ আছে। সেয়ে কোনো উপযুক্ত সংস্থা বা সংশ্লিষ্ট বিভাগৰ জৰিয়তে উক্ত হোষ্টেলটো চলোৱাৰ ব্যৱস্থা ল’বলৈ দাবী জনাই। 

 এই উপৰোক্ত বিষয়সমূহৰ ওপৰত মন্ত্ৰীগৰাকীৰ  সৈতে হোৱা আলোচনাত কৰাৰ লগতে স্মাৰকপত্ৰ যোগেও দাখিল কৰিছে দাবীসমূহ। এই দাবীসমূহক গুৰুত্বসহকাৰে লৈ শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণৰ বাবে অহ্বান জনাইছে। 

WhatsApp Image 2026-02-17 at 2.57.47 PM (1)

গুৱাহাটী