/asomiyapratidin/media/media_files/2025/07/01/rfrf-2025-07-01-14-14-56.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা দেৱস্তুতি শর্মাই "Retellings as Postmodern Re-writes: Issues of Gender and Sexu-ality in the Hogarth Shakespeare Se-ries" শীর্ষক গৱেষণা গ্ৰন্থৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট (পি.এইচ. ডি) উপাধি লাভ কৰিছে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ড° মানসী বৰাৰ তত্ত্বাৱধানত গৱেষণা কর্ম সম্পন্ন কৰা দেৱস্তুতি শৰ্মা গুৱাহাটীৰ জালুকবাৰী (কৈলাশপুৰ) নিবাসী ড° মীনা দেৱী আৰু অধ্যাপক ড° দীপক কুমাৰ শৰ্মাৰ কন্যা তথা অসম ন্যায়িক সেৱাৰ বিষয়া দেবপ্রীতি শৰ্মাৰ অগ্রজা।
তেওঁ গুৱাহাটীৰ ফটাশিল নিবাসী শ্রীমতী চন্দনা শৰ্মা আৰু অধিবক্তা শ্রীপ্রদীপ কুমাৰ শৰ্মাৰ বোৱাৰী তথা বৰপেটাৰ ফকরুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ সহকাৰী অধ্যাপক ডাঃ গীতাঞ্জন শৰ্মাৰ পত্নী।