পলাশবাৰীৰ কল্লাপাৰাত গাড়ীৰ খুন্দাত আহত ছাত্ৰ

দক্ষিণ কামৰূপত বৰ্তমান যান-বাহনৰ দৌৰাত্ম্য বৃদ্ধি পাবলৈ ধৰিছে। এই দৌৰাত্ম্য অব্যাহত থকাৰ সময়তে পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কল্লাপাৰাত দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ এগৰাকী ছাত্ৰ গাড়ীৰ খুন্দাত আহত হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মিৰ্জাঃ  দক্ষিণ কামৰূপত বৰ্তমান যান-বাহনৰ দৌৰাত্ম্য বৃদ্ধি পাবলৈ ধৰিছে। এই দৌৰাত্ম্য অব্যাহত থকাৰ সময়তে পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কল্লাপাৰাত দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ এগৰাকী ছাত্ৰ গাড়ীৰ খুন্দাত আহত হয়।

2

প্ৰাপ্ত খবৰ মতে, বিদ্যালয়ৰ ছুটিৰ পাছত মিৰ্জাৰ গোপালপুৰ নিৱাসী নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলখনৰ কাষতে থকা ব্ৰহ্মপুত্ৰ বিবাহ ভৱন সন্মুখৰ পথেৰে এজন বন্ধুৰ সৈতে চাইকেলেৰে গৈ আছিল। তেনে সময়তে অহা এখন ভানৰ প্ৰচণ্ড খুন্দাত ছাত্ৰজন গুৰুতৰভাৱে আহত হয়। মিৰ্জা চানডুবি সংলগ্ন এই কল্লাপাৰা পথত চাইকেলসহ ছাত্ৰজন বাগৰি পৰে। লগে লগে ছাত্ৰজনৰ মূৰ ফাটি তেজ ওলায়। 

এই ঘটনাই অঞ্চলটোত এক উত্তেজনাৰ সৃষ্টি কৰিছে। ইপিনে সংকটজনক অৱস্থাত ছাত্ৰজনক  চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অমায়িক,শিক্ষানুষ্ঠানৰ প্ৰায় কামতে আগৰণুৱা,পিতৃহীনদুখীয়া পৰিয়ালৰ ছাত্ৰ সুমনৰ প্ৰতি আশু আৰোগ্য কামনা কৰি ছাত্ৰ ছাত্ৰী,শিক্ষকগোট আৰু অঞ্চলটোৰ সচেতন লোকে।

WhatsApp Image 2026-02-03 at 2.17.56 PM (1)

উল্লেখ যে,এই শিক্ষানুষ্ঠানখনৰ প্ৰায় কাষতে আছে ব্ৰহ্মপুত্ৰ বিবাহ ভৱন। বিভিন্ন কাৰ্যসূচী উপলক্ষে এই ভৱনলৈ অহা লোকসকলে এই পথত সঘনাই জধে-মধে পাৰ্কিং কৰি ৰাইজ, পথচাৰী,কাষত থকা দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলোকো এক প্ৰকাৰ বিপাঙত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। কিয়নো যানবাহন ৰখাৰ তেওঁলোকে কোনো পাৰ্কিঙৰ ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি এই পথৰ বহু ঠাইত থকা একাংশ শিক্ষানুষ্ঠান,ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্মুখত সঘনাই ৰখা যানবাহনৰ বাবে ৰাইজ তথা পথচাৰীয়ে অসুবিধাৰ সন্মুখীন হৈ আহিছে যদিও আৰক্ষী প্ৰশাসনে কোনো ব্যবস্থা গ্রহণ নকৰাৰ অভিযোগ আহিছে।

পলাশবাৰী