অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ জব্দ ব্ৰহ্মপুত্ৰৰ বালি কঢ়িওৱা ডাম্পাৰ

জব্দ কৰিলে ব্ৰহ্মপুত্ৰৰ বালি কঢ়িওৱা ডাম্পাৰ।

author-image
Asomiya Pratidin
New Update
dnt delete copy

ডিজিটেল সংবাদ,মিৰ্জাঃ  পূৱ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ  মাজিৰগাঁও,পাৰ্লী সদিলাপুৰ,পূৱ মাজিৰগাঁও চৰাপাৰা,বৰুৱাপাৰা,ধাৰাপুৰৰ জাহাজ ঘাটৰ বুকুত জনজীৱন বিপদাপন্ন কৰি বৰ্তমান একাংশ বালি মাফিয়া,মাটি মাফিয়া,বিতৰ্কিত ব্যৱসায়ী, প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি,পশ্চিম গুৱাহাটী আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু বিধায়ক হেমাংগ ঠাকুৰীয়াৰ একাংশ সমৰ্থকে একাংশ দল সংগঠনৰ নেতা,আৰক্ষী প্ৰশাসনক মেনেজ কৰি ব্ৰহ্মপুত্ৰৰ বুকুত পলসুৱা মাটিৰ খননকাৰ্য অব্যাহত ৰাখিছে। এই পলসুৱা মাটিৰ বাবে সন্ধিয়াৰ পৰাই পুৱতি নিশালৈ চলিছে ৰমৰমীয়া ব্যৱসায়। ৰাইজৰ প্ৰতিবাদ,জনজীৱন বিপদাপন্ন হোৱাৰ প্ৰতি কোনো লক্ষ্য নাৰাখি কেৱল এই মাটি মাফিয়া চক্ৰটোৱে চলাই গৈছে এখন বজাৰ।
এইক্ষেত্ৰত ধাৰাপুৰ,গড়ল,ৰাণী, মাজিৰগাঁও,আগচিয়া,বৰকুছি, সদিলাপুৰ, বঙৰা, পলাশবাৰী,কোকঝাৰ,উপৰহালী,হুদুমপুৰ,ফটুৰি,নহিৰা,মিৰ্জা,বিজয়নগৰ,পাৰ্ল্লী,ভি আই পি, ৰামপুৰ,লখৰা,সাতপখলী,বৰিহাট,গোসাইহাট,ৰঙামাটি আদি বিভিন্ন ঠাইৰে এই বেপাৰীবোৰে এই পলসুৱা মাটি ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্য অব্যাহত ৰাখিছে। 

WhatsApp Image 2026-01-30 at 6.54.05 PM

এই দৌৰাত্ম্যৰ সন্দৰ্ভত ইতিমধ্যেই অসমীয়া প্ৰতিদিন ডিজিটেলত বাতৰি প্ৰকাশ পায়। এই বাতৰিৰ পাছতে এক প্ৰকাৰ আৰক্ষী প্ৰশাসন তথা বনবিভাগৰ লোকৰ এই নিয়ন্ত্ৰণহীন মাটিৰ গাড়ীক নাকি লগাবলৈ উঠি পৰি লাগে।এই অভিযানৰ মাজতে দুদিনপূৰ্বে পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ নয়নজোতি দাসৰ নেতৃত্বত যোৱা এটি বনকৰ্মীৰ দলে হুদুমপুৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ পৰা সৰবৰাহ কৰা এখন মাটি ভৰ্তি ডাম্পাৰ জব্দ কৰে। এই বাহনখন জব্দ কৰাকলৈ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰথমে একাংশ লোকে বনবিভাগক উভতি ধৰি এই বাহনখন অনাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে। পাছত বনবিভাগৰ লোকে বাহনখন লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়লৈ আনি বন বিভাগত এটি গোচৰ ৰুজু কৰে।ঘটনাৰ খবৰ লাভ কৰি একাংশ ব্যৱসায়ীয়ে তেওঁলোকৰ বাহনসমূহ নিৰাপদ দূৰত্বলৈ লৈ যায়। আনকি কেইবাখনো বাহন সেই স্থানৰ পৰা লৈ যায়।এই ব্ৰহ্মপুত্ৰৰ বুকুত মাটি খনন কাৰ্য চলাই যোৱা একাংশ লোকে কোনো নীতি নিয়ম অৱলম্বন নকৰে।যাৰ বাবে অঞ্চলটোৰ জনজীৱন বিপদাপন্ন হোৱাই নহয়,ডাম্পাৰৰ খুন্দাত ইতিমধ্যেই বহু লোকে আহত আৰু নিহত হ'বলগীয়া হৈছে। পলাশবাৰীৰ নহিৰাত ডাম্পাৰৰ খুন্দাত বিশ্বজিত দাস নামৰ এগৰাকী চাইকেল আৰোহীৰ থিতাতে নিহত হয়। কিছুদিন পূৰ্বে আগচিয়া পাৰ্লী পথত দমাই থোৱা মাটিত খুন্দিয়াই মাজিৰগাঁৱৰ দুই মটৰচাইকেল আৰোহী যুৱক অজয় শৰ্মা আৰু মুনু দাস নিহত হয়। এনেকৈ সঘনাই দক্ষিণ কামৰূপ অঞ্চলটোত এই নিয়ন্ত্ৰিণহীন ডাম্পাৰৰ দৌৰাত্ম্যত ৰাইজ অতিষ্ঠ হৈ পৰাই নহয়,বহুজনে প্ৰাণ হেৰুৱালগীয়া হৈছে। 

WhatsApp Image 2026-01-30 at 6.54.05 PM (1)

উল্লেখ্য যে, এই মাটিৰ বেপাৰীবোৰে অধিক মুনাফা লাভৰ বাবেই অঞ্চলটোৰ ব্ৰহ্মপুত্ৰৰ বুকুত এক্সকেভেটাৰেৰে অবাধ হাৰত খননকাৰ্য চলাই যোৱাই নহয়,চালকে তীব্ৰ প্ৰতিযোগিতা মূলকভাৱে শ শ ডাম্পাৰ চলাচল কৰাত ৰাইজ,ছাত্ৰ ছাত্ৰী,পথচাৰী বিপাঙত পৰি আহিছে। এই ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে অঞ্চলটোৰ বহু বাট পথ জহি খহি যোৱাৰ উপক্ৰম হৈছে। ব্ৰহ্মপুত্ৰৰ এই বালি খননৰ লগতে মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত অঞ্চলটোৰ আকাশ বতাহ ধূলি বালিৰে ভৰি পৰিছে। এই ধূলি-বালিৰ প্ৰভাৱত অঞ্চলটোৰ একাংশ পুৰুষ মহিলা,ছাত্ৰ ছাত্ৰীৰ মাজত চৰ্দি,কাঁহ,পেটৰ অসুখ আদি সৰু সুৰা বেমাৰ আজাৰ আদিয়েও দেখা দিছে। শিক্ষানুষ্ঠানৰ আশে পাশে,বজাৰে সমাৰে,ৰাস্তাই ঘাটে এই মাটিবোৰ দমাই ৰাখি মাটিৰ এখন পাহাৰ গঢ়ি তুলিছে।

এই জনস্বাৰ্থ বিৰোধী কাৰ্যৰ বাবে দুই এটি সংগঠনৰ লোকে প্ৰতিবাদ কৰি,ক্ষোভ প্ৰকাশ কৰি আজাৰা আৰক্ষী,আজাৰা ৰাজহ চক্ৰ আৰু বন বিভাগত বিভিন্ন সময়ত স্মাৰক পত্ৰ প্ৰদান,অভিযোগ আদি দি আহিছে যদিও কামত অহা নাই। আনকি জনতাৰ এই জীৱনৰ প্ৰতি অহা দুৰ্ভোগ,দুৰ্যোগৰ কথাৰ অভিযোগ দিবলৈ গলেই  মানুহলৈ আহে বিপদ। একাংশ ব্যৱসায়ীয়ে ডাম্পাৰ, ডিআইভান আদিৰে ব্ৰহ্মপুত্ৰৰ বালি,মাটি আদি কঢ়িয়াই নিয়াত অঞ্চলটোৰ বিয়া সবাহ,ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা,উৎসৱ পাৰ্বন আদিতো ব্যাঘাতৰ সৃষ্টি হৈছে। ব্যৱসায়ীসকলে এই পথবোৰত পৰ্যাপ্ত পানী নমৰাৰ ফলত এই ধূলিৰ পৰিমাণ নিতৌ বাঢ়ি গৈ ৰাইজক জ্বলাকালা খুৱাইছে। ইমানবোৰ বাধা, বিপৰ্যয়ৰ পাছতো কামৰূপ জিলাৰ আৰক্ষী প্ৰশাসনে আজিলৈ কোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম নহল। ডাম্পাৰৰ দৌৰাত্ম্যৰ সন্দৰ্ভত সদৌ অসম নিৱনুৱা পৰিষদৰ উপদেষ্টা বাবুল বৰুৱাই আৰক্ষী প্ৰশাসনক এই ব্যৱসায়খন নিয়ন্ত্ৰণ কৰি চলাবলৈ দাবী উত্থাপন কৰে। স্বাস্থ্যজনীত কাৰণত বাটে পথে পানী মৰা,নিয়ন্ত্ৰণ কৰি এই ব্যৱসায় চলোৱা,বিশেষকৈ বিদ্যালয় খোলা,অফিচ কাছাৰী খোলাৰ সময়ত এই খননকাৰ্যত ব্যৱহাৰ কৰা যান-বাহনৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰিবলৈ মালিপক্ষলৈ দাবী উত্থাপন কৰে।

পলাশবাৰী