/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/13171e1c-ea7d-428b-8e38-02f2e6aaea83/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত ইজনৰ পাছত সিজন লোক দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে যদিও কেৰেপেই নকৰে একাংশ বিষয়াই। শুকুৰবাৰে পুনৰ গুৱাহাটী মহানগৰীত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল আন এজন চৰকাৰী কৰ্মচাৰী। কো-অপাৰেটিভ ছ’চাইটিৰ উপ পঞ্জীয়কৰ কাৰ্যালয়ত চলা অভিযানত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে বিষয়াজন।
উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা বিষয়াজন হ'ল উক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক মুক্তাৰ আহমেদ। ৫০০০ টকাৰ উৎকোচ লোৱাৰ অপৰাধত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক। সূত্ৰমতে, ঋণৰ অনুজ্ঞাপত্ৰৰ প্ৰক্ৰিয়া কাম ক্ষিপ্ৰ কৰাৰ বিনিময়ত ঘোচ লৈ ধৰা পৰে আহমেদ। গ্ৰেপ্তাৰৰ পাছতেই অভিযুক্ত আহমেদৰ বাসগৃহতো অভিযান চলাই দলটোৱে।
Also Read: ধিং মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ আন্তৰ্জাতিক যুৱ দিৱস...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us