মহাষ্টমীত নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজাস্থলীত ভক্তৰ ভিৰঃ VIDEO

মহাষ্টমীত নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজাস্থলীত ভক্তৰ ভিৰঃ VIDEO

author-image
asomiyapratidin
New Update
মহাষ্টমীত নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজাস্থলীত ভক্তৰ ভিৰঃ VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ উদ্যোগত অনুষ্ঠিত দুৰ্গা পূজাস্থলীত মহাষ্টমীৰ দিনা পুৱাৰে পৰা যথেষ্টসংখ্যক ভক্তই ভিৰ কৰে। দশম বছৰৰ বাবে আয়োজিত নিউ গুৱাহাটী সাৰ্বজনীন পূজাস্থলীত বহুসংখ্যক ভক্তই পুষ্পাঞ্জলি অৰ্পণ কৰে।

Advertisment

তাৰ পিছতে সন্ধিপূজাত অংশ লয় ভক্তসকলে। শ শ চাকি জ্বলাই সন্ধিপূজাত ভক্তসকলে অংশ লোৱা দৃশ্য এয়া।

উল্লেখ্য যে, অষ্টমী পূজা আজি দিনৰ ১২.২৭ মিনিটলৈকে আছিল। এই পূজা উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থখনো বুধবাৰে সন্ধিয়া উন্মোচন কৰা হ'ব। এই স্মৃতিগ্ৰন্থখনৰ সম্পাদকৰ দায়িত্বত আছে বাবুল চৌধুৰী আৰু স্মৃতিখনৰ উপদেষ্টা তথা সভাপতিৰ দায়িত্বত আছে ক্ৰমে ডাঃ নাৰায়ণ শৰ্মা আৰু প্ৰকাশ মহন্ত।

সন্ধিয়া বিশিষ্ট ঔপন্যাসিকা লীনা শৰ্মা, প্ৰাক্তন আইএএছ বিষয়া এমজিকে ভানু আৰু বিশিষ্ট সাংবাদিক পৰাগমণি আদিত্যই এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব। সন্ধিয়ালৈ পুৰুষৰ নাগাৰা নামৰ এক সাংস্কৃতিক কাৰ্যসূচীও আছে পূজাস্থলীত।